ৰামায়ণৰ চৰিত্ৰ From Wikipedia, the free encyclopedia
দেৱৱতী (ইংৰাজী: Devavati) গ্ৰামণী নামৰ এগৰাকী গন্ধৰ্বৰ জীয়ৰী আছিল৷[1] উল্লেখ আছে যে- তেওঁ দেখাত সাক্ষাৎ লক্ষ্মীদেৱীৰ দৰে আছিল৷[1] তেওঁক ৰাক্ষস ৰজা সুকেশে বিবাহ কৰাইছিল৷[2] তেওঁৰ পতি সুকেশ আছিল ৰাৱণৰ মাকৰ পিতামহ৷[3] যাক ভগৱান শিৱ আৰু পাৰ্বতীয়ে লালন-পালন কৰিছিল৷[3] দেৱৱতী আৰু সুকেশৰ ঔৰসত তিনি পুত্ৰ সুমালী, মাল্যবান আৰু মালীৰ জন্ম হয়, যিয়ে গন্ধৰ্ব ৰাজকুমাৰী নৰ্মদাৰ তিনিগৰাকী কন্যা যথাক্ৰমে সুমালীয়ে কেতুমতীক, মাল্যবানে সুন্দৰীক আৰু মালীয়ে বসুদাক বিবাহ কৰাইছিল৷[4]
তেওঁৰ পুত্ৰ সুমালী আৰু কেতুমতীৰ কন্যা কৈকেষীৰ ঋষি বিশ্ৰবাৰ সৈতে বিবাহ হয় যাৰ ঔৰসত তিনি পুত্ৰ যথাক্ৰমে ৰাৱণ, কুম্ভকৰ্ণ, বিভীষণ আৰু এগৰাকী কন্যা শূৰ্পনখাৰ জন্ম হয়৷[1][3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.