![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/87/Deepika_Kumari_at_world_cup_final%252Cistanbul.jpg/640px-Deepika_Kumari_at_world_cup_final%252Cistanbul.jpg&w=640&q=50)
দীপিকা কুমাৰী
From Wikipedia, the free encyclopedia
দীপিকা কুমাৰী (ইংৰাজী: Deepika Kumari; জন্ম: ১৩ জুন ১৯৯৪) এগৰাকী ভাৰতীয় মহিলা আৰ্চাৰী খেলুৱৈ। তেওঁ ব্যক্তিগত আৰু দলগত উভয় বিভাগত প্ৰতিদ্বন্দ্বিতা কৰে। তেওঁ প্ৰাক্তন ১ নম্বৰ বিশ্ব ৰেংকিংধাৰী মহিলা আৰ্চাৰী খেলুৱৈ। ২০১০ কমনৱেলথ গেমচত তেওঁ মহিলাৰ ব্যক্তিগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল। লগতে তেওঁ দোলা বেনাৰ্জী আৰু বোম্বায়লা দেৱীৰ লগত মহিলাৰ দলগত ইভেণ্টত স্বৰ্ণপদক লাভ কৰিছিল।
দীপিকা কুমাৰী | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১৩ জুন, ১৯৯৪ (৩০ বছৰ) ৰাঁচি, বিহাৰ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | ৰাঁচি, ঝাড়খণ্ড, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
উচ্চতা | 1.61 মিটাৰ (U=ft}}) (২০১০) | ||||||||||||||||||||||||||||||||||||||||||
ওজন | ৫৬ কেজি (১২০ পাউণ্ড) (২০১০) | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | আৰ্চাৰী | ||||||||||||||||||||||||||||||||||||||||||
ক্লাব | টাটা আৰ্চাৰী একাডেমী | ||||||||||||||||||||||||||||||||||||||||||
দল | ভাৰতীয় আৰ্চাৰী মহিলা দল | ||||||||||||||||||||||||||||||||||||||||||
পেছাদাৰী হয় | ২০০৬ | ||||||||||||||||||||||||||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ বিশ্ব ৰেংকিং | ১ম,[1] World record women recurve archery[2] | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
দীপিকা ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছিল আৰু তাত মহিলাৰ ব্যক্তিগত আৰু দলগত ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ তাত ৮ম স্থান অৰ্জন কৰিছিল।
তেওঁ ২০১২ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া পুৰস্কাৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হয়। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত দীপিকা এফ.আই.চি.পি.আই. কৰ্তৃ বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াব্যক্তিত্বৰ সন্মানেৰে ভুষিত হয়। ২০১৬ চনত তেওঁ ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী পুৰস্কাৰ অৰ্জন কৰে।