দাদাচাহেব ফাল্কে বঁটা
From Wikipedia, the free encyclopedia
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ[1] স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।[2] ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা। ইয়াৰ লগতে বিজয়ীজনক এখন প্ৰশক্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়।[3]
ক্ষিপ্ৰ তথ্য বঁটাৰ তথ্য ...
দাদাচাহেব ফাল্কে বঁটা | ||
বঁটাৰ তথ্য | ||
---|---|---|
শ্ৰেণী | ভাৰতীয় চলচ্চিত্ৰ | |
বৰ্ণনা | জীৱনযোৰা সাধনাৰ বঁটা | |
প্ৰতিষ্ঠা | ১৯৬৯ | |
প্ৰথমবাৰ প্ৰদান | ১৯৬৯ | |
মুঠ প্ৰদানৰ সংখ্যা | ৫৩ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
নগদ টকা | ₹ ১০,০০,০০০ | |
প্ৰথম প্ৰাপক | দেৱিকা ৰাণী ১৯৬৯ চনত | |
অন্তিম প্ৰাপক | ৱাহিদা ৰহমান ২০২১ চনত |
বন্ধ কৰক