তৰু দত্ত
From Wikipedia, the free encyclopedia
তৰু দত্ত (ইংৰাজী: Toru Dutt; ৪ মাৰ্চ, ১৮৫৬ – ৩০ আগষ্ট ১৮৭৭) হ'ল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল।[1] হেনৰী লুই ভিভিয়ান ডেৰোজিঅ (১৮০৯-৩১), মনমোহন ঘোষ (১৮৬৯–১৯২৪) আৰু সৰোজিনী নাইডু (১৮৭৯-১৯৪৯)ৰ সৈতে তৰু দত্ত 'ভাৰত-এংলিয়ান' সাহিত্যৰ অন্যতম প্ৰতিষ্ঠাপক ব্যক্তি।[2] দত্তক ইংৰাজী ভাষাত প্ৰকাশিত তেওঁৰ কবিতাৰ সংকলন 'আ শ্বেফ গ্লেনেড ইন ফ্ৰেঞ্চ ফিল্ডচ্' (১৮৭৭) আৰু 'এন্চিয়েণ্ট বেলাডছ এণ্ড লিজেণ্ডছ অৱ হিন্দুস্তান' (১৮৮২) আৰু ফৰাচী ভাষাত প্ৰকাশিত তেওঁৰ উপন্যাসৰ 'লা জাৰ্নেল ডি মাডেমোইচেল ডি'আৰভাৰ্ছ' (১৮৭৯) বাবে জনা যায়। তেওঁৰ কবিতাবোৰ নিঃসঙ্গতা, দেশভক্তি আৰু নষ্টালজিয়াৰ ভিত্তিত ৰচিত। ২১ বছৰ বয়সতে দত্তৰ মৃত্যু হৈছিল, যিয়ে কবি জন কীটছৰ সৈতে তেওঁক তুলনা কৰিবলৈ প্ৰভাৱিত কৰে।[3]
তৰু দত্ত | |
---|---|
জন্ম | ৪ মাৰ্চ, ১৮৫৬ ১২ মাণিকতলা ষ্ট্ৰীট, ৰামবাগান, কলকাতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩০ আগষ্ট, ১৮৭৭ (২১ বছৰ) কলকাতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
সমাধিস্থল | মাণিকতলা খ্ৰীষ্টান কৱৰস্থান, কলকাতা |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰত |
পেচা | কবি |