তিনি ৰাজ্য (চীনা: {{{c}}}) চীন দেশৰ ইতিহাসত দেখা পোৱা এটি কাল যি ২২০ খ্ৰীষ্টাব্দৰ পৰা ২৮০ খ্ৰীষ্টাব্দলৈ বৰ্তি আছিল। ই চাও ৱেই, শ্বু হান আৰু পূৰ্বী ৱুৰ মাজত ত্ৰিপক্ষীয়ভাৱে বিভাজিত চীনক বুজায়।[1] এই কালৰ আগত হান বংশৰ শাসন আছিল আৰু পাছত জিন বংশৰ। কোনোৱে লিয়াওডাং এলেকাৰ হ্ৰস্বস্থায়ী য়ান ৰাজ্যক এই কালৰ চতুৰ্থ ৰাজ্য জ্ঞান কৰে।[2]
চীনৰ ইতিহাস |
---|
পেকিং মানৱ |
তিনি সাৰ্বভৌম আৰু পাঁচ সম্ৰাট |
শ্বিয়া ৰাজবংশ |
শ্বাং ৰাজবংশ |
ঝৌ ৰাজবংশ |
শৰৎ আৰু বসন্তৰ যুগ |
যুদ্ধৰত ৰাজ্যৰ যুগ |
চিন ৰাজ্য |
চু-হান যুদ্ধ |
হান ৰাজবংশ |
তিনি ৰাজ্য |
জিন ৰাজবংশ |
ষোল্ল ৰাজ্য |
ৱেই ৰাজবংশ |
লিউ চং ৰাজবংশ |
উত্তৰ আৰু দক্ষিণৰ ৰাজবংশ |
চুই ৰাজবংশ |
টাং ৰাজবংশ |
চং ৰাজবংশ |
জিন ৰাজবংশ (দ্বিতীয়) |
মংগোলৰ চীন দখল |
য়ুৱান ৰাজবংশ |
মিং ৰাজবংশ |
চিং ৰাজবংশ |
চীন গণৰাজ্য |
গণপ্ৰজাতন্ত্ৰী চীন |
শিক্ষাগতভাৱে ২২০ খ্ৰীষ্টাব্দত চাও ৱেইৰ গঠনে এই কালৰ আৰম্ভণি সূচায় আৰু ২৮০ খ্ৰীষ্টাব্দত পূৰ্বী ৱুক পশ্চিমীয়া জিনে পৰাস্ত কৰা ঘটনাই ইয়াৰ অন্ত সূচায়। অনানুষ্ঠানিকভাৱে ১৮৪ৰ পৰা ২২০ৰ কালকো কোনো কোনোৱে এই কালৰ অংশ জ্ঞান কৰে। সেই সময়চোৱাত বিভিন্ন ফৈদৰ মাজত যুদ্ধ দেখা গৈছিল আৰু চীন এক অস্থিৰ দেশ হৈ আছিল। ২২০ৰ পৰা ২৬৩ৰ কাল তুলনামূলকভাৱে স্থৱিৰ আছিল, য'ত তিনিওখন ৰাজ্যৰ মাজত বুজাবুজি বৰ্তি আছিল। ২৬২ৰ পাছত শ্বুক ৱেয়ে পৰাস্ত কৰাত, ২৬৬ৰ পাছত পশ্চিমীয়া জিনে চাও ৱেইক পৰাস্ত কৰাত আৰু অৱশেষত ২৮০ত জিনে ৱুক পৰাস্ত কৰাত সেই স্থৱিৰতা শেষ হৈছিল।
এই কালৰ আতাইতকৈ বিশ্বাসযোগ্য ঐতিহাসিক উৎস হ'ল চেন শ্বৌৰ "তিনি ৰাজ্যৰ নথি" (Records of the Three Kingdoms)।
নাম
ইংৰাজীত ব্যৱহৃত "তিনি ৰাজ্য" (Three Kingdoms) নামটি কোনো কোনোৱে ভুল বুলি দাবী কৰে, যিহেতু তিনিওখন ৰাজ্যৰ শেষত কোনো ৰজাই নহয়, সম্ৰাটেহে শাসনভাৰ গ্ৰহণ কৰিছিল, যিয়ে নিজক সমগ্ৰ চীনৰ ওপৰত আধিপত্য দাবী কৰিছিল।[3] তৎস্বত্তেও পিচে এই নাম বহলভাৱে ব্যৱহৃত।
জনসংখ্যা
তিনি ৰাজ্যৰ কাল চীনা বুৰঞ্জীত এক অত্যন্ত হিংসাত্মক কাল।[4] ২৮০ চনত দেশব্যাপী জনগণনাত ২৪৫৯৮৪০ ঘৰত ১৬১৬৩৮৬৩জন মানুহ থকা বুলি গণনা কৰা হৈছিল, যি হান কালত গণনা হোৱা ১০৬৭৭৯৬০ ঘৰত বাস কৰা ৫৬৪৮৬৮৫৬জনৰ সংখ্যাতকৈ বহু কম।[5] যদিও এই জনগণনা নিশ্চিতৰূপেই আধুনিক মানত দুৰ্বল, হানসকলে সকলো লোকক আওঁতাত সামৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰিছিল।[6]
প্ৰযুক্তি
এই কালত চীনত প্ৰযুক্তিৰ দ্ৰুত বিকাশ দেখা গৈছিল। শ্বু ৰাজ্যৰ ঝুগে লিয়াঙে কাঠৰ ষাড় আৱিষ্কাৰ কৰিছিল, যি কৃষিত ব্যৱহৃত হৈছিল,[7] নাঙলতকৈ অধিক ফল দেখুৱাৰ বাবে।[8] ৱেই ৰাজ্যৰ অভিযন্তা মা জুনে নিজৰ পূৰ্বসূৰী ঝাং হেঙৰ দৰেই[9] কেইবাটাও আৱিষ্কাৰ কৰিছিল, যেনে জল-ইন্ধন চালিত পুতলা খেল, সম্ৰাট মিঙৰ বাবে, চেইনযুক্ত পাম্প লুৱ'য়াঙৰ বাগিচাৰ বাবে, আৰু এটি চুম্বকবিহীন কম্পাছ ইত্য়াদি।[10]
সাহিত্য আৰু সংস্কৃতিত প্ৰভাৱ
যদিও এই কাল বৰ দীঘলীয়া নাছিল, বৰ্তমানে চীন, জাপান আৰু ভিয়েটনামত এই কালক বৰকৈ সাহিত্য আৰু সাংস্কৃতিক কৰ্মত দৰ্শোৱা হয়।[11] নাটক, লোককথা, উপন্যাস, চলচ্চিত্ৰ, টিভি আৰু ভিডিও' গে'ম আদিত এই কালৰ কাহিনী প্ৰায় ব্যৱহাৰ কৰা হয়। আতাইতকৈ জনপ্ৰিয় তেনে কিছু কৰ্ম হ'ল লুঅ' গুৱাঞ্ঝঙৰ "তিনি ৰাজ্যৰ ৰোমাঞ্চ", যি মিং ৰাজ্যভিত্তিক ঐতিহাসিক নাট্য।[12]
তথ্য সংগ্ৰহ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.