তাৰাবাই শিন্দে
ভাৰতীয় নাৰীবাদী, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা / From Wikipedia, the free encyclopedia
তাৰাবাই শিন্দে (ইংৰাজী: Tarabai Shinde, ১৮৫০-১৯১০) [1] এগৰাকী ভাৰতীয় নাৰীবাদী, নাৰী অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ঊনবিংশ শতিকাৰ ভাৰতত পিতৃতান্ত্ৰিকতা আৰু জাতিবাদৰ প্ৰতিবাদ কৰিছিল। ১৮৮২ চনত মাৰাঠী ভাষাত প্ৰকাশিত তেওঁৰ ৰচনা 'স্ত্ৰী পুৰুষ তুলনা'ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। এই পত্ৰিকাখনত উচ্চ-বৰ্ণৰ পিতৃতান্ত্ৰিকতাৰ সমালোচনা কৰা হৈছে আৰু ইয়াক প্ৰায়ে প্ৰথম আধুনিক ভাৰতীয় নাৰীবাদী লিখনিৰ নিদৰ্শন বুলি গণ্য কৰা হয়।[2] হিন্দু ধৰ্মীয় শাস্ত্ৰসমূহক মহিলাৰ উৎপীড়নৰ উৎস হিচাপে প্ৰত্যাহ্বান জনোৱাটো সেই সময়ৰ বাবে অতি বিতৰ্কিত আছিল। তেওঁ সত্যশোধক সমাজৰ সদস্য আছিল।[3]
ক্ষিপ্ৰ তথ্য তাৰাবাই শিন্দে, জন্ম ...
তাৰাবাই শিন্দে | |
---|---|
জন্ম | ১৮৫০ বুলধানা, বেড়াৰ প্ৰভিন্স, ব্ৰিটিছ ভাৰত (বৰ্তমান মহাৰাষ্ট্ৰ, ভাৰত) |
মৃত্যু | ১৯১০ (বয়স ৫৯–৬০) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নাৰীবাদী, মহিলা অধিকাৰ কৰ্মী, লেখিকা |
উল্লেখযোগ্য কৰ্ম | 'স্ত্ৰী পুৰুষ তুলনা' (১৮৮২) |
বন্ধ কৰক