অসমীয়া খেলুৱৈ From Wikipedia, the free encyclopedia
তয়াবুন নিছা (ইংৰাজী: Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
তয়াবুন নিছা | |
---|---|
তয়াবুন নিছা | |
ব্যক্তিগত তথ্যাৱলী | |
ৰাষ্ট্ৰীয়তা | অসমীয়া; ভাৰতীয় |
জন্ম | শিৱসাগৰ জিলা |
ক্ৰীড়া | |
ক্ৰীড়া | এথলীট, ডিছকাছ থ্ৰ’ |
শিতান | এছিয়ান গেমছ, ১৯৮২ |
১৯৫৩ চনত অসমৰ শিৱসাগৰ জিলাৰ ধাই আলিত তয়াবুন নিছাৰ জন্ম হয়। শৈশৱতে তেওঁৰ পিতৃৰ হৃদৰোগত ভুগি অকাল বিয়োগ হয়।[1] আৰ্থিক দুৰৱস্থাৰ বাবে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অ' এন জি ছি মডেল স্কুলত ব্যায়ামৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।
১৯৭১ চনত তয়াবুন নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা নৱম আন্তৰাজ্যিক এথলীট প্ৰতিযোগিতা (Inter State Athletic Meet) ত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হোৱাৰ সন্মান লাভ কৰে।[2]
১৯৭৪ চনত জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ ২৯.৩২ মিটাৰ দুৰত্বত ডিছকাছ থ্ৰ’ কৰি বাৰ বছৰীয়া এক ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়। তয়াবুন নিছাই ১৯৮২ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ অসম এথলেটিকছ এছ’ছিয়েছনৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদিকা।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.