From Wikipedia, the free encyclopedia
টিণ্ডাৰ হৈছে এটা অনলাইন ডেটিং আৰু জিঅ’ছ’চিয়েল নেটৱৰ্কিং এপ্লিকেচন। টিণ্ডাৰত ব্যৱহাৰকাৰীসকলে লাইক কৰিবলৈ "সোঁফালে ছোৱাইপ" কৰে বা অন্য ব্যৱহাৰকাৰীৰ প্ৰফাইল অপছন্দ কৰিবলৈ "বাওঁফালে ছোৱাইপ" কৰে। টিণ্ডাৰ প্ৰফাইলত ব্যৱহাৰকাৰিৰ ফটো, এটা চুটি বায়', আৰু তেওঁলোকৰ আগ্ৰহৰ তালিকা অন্তৰ্ভুক্ত কৰা হয়। টিণ্ডাৰে এটা "ডাবল অপ্ট-ইন" ব্যৱস্থা ব্যৱহাৰ কৰে য'ত দুয়োজন ব্যৱহাৰকাৰীয়ে বাৰ্তা বিনিময় কৰাৰ আগতে ইজনে সিজনৰ প্ৰফাইল ভাল পাব লাগিব।[3][4][5][6]
টিণ্ডাৰ, Inc. | |
---|---|
ইউ আৰ এল | tinder |
প্ৰতিস্থাপক | Page সাঁচ:Hlist/styles.css has no content.
|
CEO | ৰেনেট মেজৰ[1] |
উদ্যোগ | চফ্টৱেৰ |
অৱস্থান | পশ্চিম হলিউড, লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
স্থাপিত | ২০১২ |
কৰ্মক্ষেত্ৰ | গোলকীয় |
কৰ্মচাৰীৰ সংখ্যা | ৭৫০[2] |
২০১২ চনত পশ্চিম হলিউডৰ হেচ লেবছ ইনকিউবেটৰত অনুষ্ঠিত হোৱা হেকাথনত শ্বেন ৰেডে টিণ্ডাৰ মুকলি কৰিছিল।[7][8][9] ২০১৪ চনলৈকে টিণ্ডাৰে দৈনিক প্ৰায় এক বিলিয়ন "ছোৱাইপ" পঞ্জীয়ন কৰিছিল। সেই সময়ত ব্যৱহাৰকাৰীসকলে দিনটোত গড়ে ১১ বাৰ এপটোত লগ ইন কৰিছিল।[10] ২০১৫ চনত টিণ্ডাৰ পঞ্চম সৰ্বাধিক উপাৰ্জনকাৰী মোবাইল এপ হিচাপে পৰিগণিত হয়,[11] আৰু ২০১৯ চনলৈকে ই সৰ্বাধিক উপাৰ্জন কৰা এপ আছিল।[12] ২০২০ চনত টিণ্ডাৰৰ ৬২ লাখ গ্ৰাহক আৰু ৭৫ মিলিয়ন মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰী আছিল।[13] ২০২১ চনলৈকে টিণ্ডাৰে বিশ্বজুৰি ৬৫ বিলিয়নতকৈ অধিক মেচ ৰেকৰ্ড কৰিছে।[14]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.