জৰায়ু
From Wikipedia, the free encyclopedia
জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। জৰায়ু হৈছে হৰম’ন -প্ৰতিক্ৰিয়াশীল যৌন অংগ যাৰ আৱৰণত গ্ৰন্থি থাকে যিয়ে ভ্ৰূণৰ পুষ্টিৰ বাবে জৰায়ুৰ গাখীৰ (uterine milk) নিঃসৰণ কৰে।
ক্ষিপ্ৰ তথ্য জৰায়ু, সবিশেষ ...
জৰায়ু | |
---|---|
মানুহৰ জৰায়ু আৰু ইয়াৰ চাৰিওকাষৰ গঠন | |
সবিশেষ | |
তন্ত্ৰ | প্ৰজনন তন্ত্ৰ |
ধমনী | ডিম্বাশয়ৰ ধমনী আৰু জৰায়ুৰ ধমনী |
সিৰা | জৰায়ুৰ সিৰা |
লসিকা | শৰীৰ আৰু জৰায়ুৰ মুখৰ পৰা আভ্যন্তৰীণ ইলিয়াক লিম্ফ ন'ড (iliac lymph nodes)লৈ, ফাণ্ডাছৰ পৰা পেৰা-এৱ'ৰ্টিক (para-aortic) লিম্ফ ন'ডলৈ, লাম্বাৰ আৰু পৃষ্ঠীয় ইংগুইনেল (superficial inguinal) লিম্ফ ন'ডলৈ। |
চিনাক্তকাৰক | |
লেটিন | uterus |
গ্ৰীক | ὑστέρα (hystéra) |
MeSH | D014599 |
TA98 | A09.1.03.001 |
TA2 | 3500 |
FMA | 17558 |
দেহতাত্ত্বিক পৰিভাষা |
বন্ধ কৰক
মানুহৰ ক্ষেত্ৰত জৰায়ুৰ তলৰ মূৰটো ঠেক হৈ গ্ৰীৱা (cervix)ৰ সৈতে সংযোগ কৰি যোনিলৈ যায়। এই অংশটোক ইষ্টমাছ (isthmus) বুলি কোৱা হয়। জৰায়ুৰ ওপৰৰ মূৰটো ডিম্ববাহী নলী (fallopian tube)ৰ সৈতে সংযুক্ত হৈ থাকে। ফেল’পিয়ান টিউবৰ খোলাবোৰৰ ওপৰৰ ঘূৰণীয়া অংশটো হ’ল ফাণ্ডাছ (fundus)। জৰায়ুৰ গহ্বৰ (uterine cavity)ৰ সৈতে ফেল'পিয়ান টিউব সংযোগ হোৱা অংশটোক ইউটেৰ'টিউবেল জাংচন (uterotubal junction) বুলি কোৱা হয়।