জুইশলা
জুই জ্বলোৱাৰ বাবে ব্যৱহৃত দাহ্য পদাৰ্থৰে তৈয়াৰ কৰা সঁজুলি / From Wikipedia, the free encyclopedia
জুইশলা(ইংৰাজী: Match) জুই আৰম্ভ কৰাৰ এটা সঁজুলি। সাধাৰণতে, জুইশলাবোৰ সৰু সৰু কাঠৰ লাঠি বা কঠিন কাগজৰে তৈয়াৰ কৰা হয়। এটা মূৰত এনে এটা পদাৰ্থৰে আৱৰণ দিয়া হয় যিটো উপযুক্ত পৃষ্ঠত কাঠিডাল আঘাত কৰি সৃষ্টি কৰা ঘৰ্ষণৰ দ্বাৰা জুই জ্বলাব পৰা যায়।[1] অসমীয়াত জুইশলাক দিয়াচলাইও বোলে। ই বাংলা দিয়াশলাইৰ পৰা আহিছে। সাধাৰণতে, জুইশলা এটা বিশেষভাৱে নিৰ্মিত সৰু বাকচত লৈ ফুৰিব পৰা আৰু ইয়াৰ দ্বাৰা চাকি, চিগাৰেট, জুই আদিত যেতিয়াই তেতিয়াই নিৰাপদে অগ্নিসংযোগ কৰিব পাৰি। জুইশলাৰ ইংৰাজী প্ৰতিশব্দ “মেছ’’ মূলতঃ ফৰাচী শব্দ “মেছে’’ৰ পৰা অহা। মেছে শব্দৰ অৰ্থ মমবাতিৰ শলিতা।[2]