![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a4/Zikir.jpg/640px-Zikir.jpg&w=640&q=50)
জিকিৰ
From Wikipedia, the free encyclopedia
জিকিৰ (ইংৰাজী: Zikir) হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা অসমৰ থলুৱা ইছলাম ধৰ্মী লোক সকলে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা[1] বা ঘনে ঘনে উচ্চাৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয়। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদি ইছলামীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান নৈষ্ঠিক ভাবে পালন কৰা নাছিল। আজান পীৰ চাহাবে তেওঁলোকক ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল[1]। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী, আৰবী শব্দ গীতসমূহত সোমাই পৰিছে। অসমীয়া দেহ বিচাৰ গীতৰ লগত সাদৃশ্য থকা এই গীতসমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰতা আদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছে।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/a/a4/Zikir.jpg/640px-Zikir.jpg)
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
জিকিৰসমূহ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনত থলুৱা লোকবাদ্য দোতৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তকাৰে ঘূৰি গোৱাৰ ৰীতিও প্ৰচলন আছে। আজান ফকিৰে সৰহ ভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকিৰ, চৈয়দ মূৰতাজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল।
'জিকিৰ'বোৰত বৈষ্ণৱীয় নামকীৰ্তনৰ প্ৰভাৱ ,মধূৰ সুৰ ,ইচলামীয় ধৰ্মতত্ব আৰু অসমীয়া ঘৰুৱা ভাষাৰ মাজত ফাৰ্চী ,আৰবী শব্দ প্ৰয়োগ লক্ষ্যণীয় বৈশিষ্ট।[2] জিকিৰৰ ৰচনা কাল সম্পৰ্কে তলৰ গীতফাকি পোৱা যায়:
“দহশ দুকুৰি নৰীচন হিজিৰি
আকৌ পাঁচ বছৰ (বাৰ বছৰ) যায়
চাহ মিলনে এই জিকিৰ কৰিলে
কোৰাণ কিতাবত পাই।”[3]