From Wikipedia, the free encyclopedia
জিকা | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | লুফা |
প্ৰজাতি: | ল. আকুটাংগুয়া |
দ্বৈৰাশিক নামকৰণ | |
লুফা আকুটাংগুয়া L.Roxb. | |
সমাৰ্থক[1] | |
|
জিকা (ইংৰাজী: Luffa acutangula) হৈছে এবিধ লতা জাতীয় উদ্ভিদ আৰু ইয়াৰ ফল। ইয়াৰ বিভিন্ন প্ৰজাতি উপলব্ধ। ব্যৱসায়িকভাৱে ইয়াৰ শিৰা যুক্ত মঙহাল ফলৰ বাবে ইয়াক পাচলি হিচাপে খেতি কৰা হয়। প্ৰাপ্তবয়স্ক ফলবোৰৰ জিমটো প্ৰাকৃতিক চাফাই স্পঞ্জ হিচাপে ব্যৱহাৰ কৰা হয়। এই পাচলিবিধ মধ্য আৰু পূব এছিয়াৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে বিস্তৃত। ঠাণ্ডা জলবায়ুৰ ঠাইত ইয়াক ঘৰুৱা উদ্ভিদ হিচাপেও খেতি কৰা হয়। ইংৰাজী সাধাৰণ নামসমূহৰ ভিতৰত এংগেল লুফা, চাইনিজ অকৰা, ডিচ ক্লথ গাৰ্ড, ৰিজড গাৰ্ড, স্পঞ্জ গাৰ্ড, ষ্ট্ৰেনাৰ ভিন, ৰিবড লুফা, শিল্ক গাৰ্ড, চিনকোৱা টাৱেলস্পঞ্জ আদি নামেৰে পৰিচিত।[2][3][4][5]
কিছুমান লুফা জাতৰ কুমলীয়া ফলবোৰ সিজাই খোৱা শাক-পাচলি আৰু ভাজি বা কেঁচাকৈ খাবলৈ ব্যৱহাৰ কৰা হয়। কেতিয়াবা শিপা আৰু ফুলো ব্যৱহাৰ হয়।[6] লুফা এজিপ্টিয়াকাৰ দৰেই প্ৰাপ্তবয়স্ক ফলবোৰ শুকালে চপোৱা হয় আৰু প্ৰক্ৰিয়াকৰণ কৰি ফলৰ আঁহৰ বাহিৰে আন সকলোবোৰ আঁতৰাই পেলোৱা হয়, ইয়াক জিম পিছত স্পঞ্জ হিচাপে সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।[6]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.