জাপানৰ সংবিধান
জাপানৰ সৰ্বোচ্চ আইন / From Wikipedia, the free encyclopedia
জাপানৰ সংবিধান (শ্বিঞ্জিটাই: 日本国憲法, ক্যুজিটাই: 日本國憲󠄁法, হেপবাৰ্ণ: Nihon-koku kenpō) জাপান দেশৰ সংবিধান আৰু সৰ্বোচ্চ আইন। এই সংবিধানৰ প্ৰায় অংশই আমেৰিকী অসামৰিক বিষয়াই লিখা, দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ জাপানৰ মিত্ৰশক্তি শাসন কালত। এই সংবিধানে ১৮৯০ চনত গৃহীত পূৰ্বৰ মেইজি সংবিধানৰ[1] স্থান দখল কৰিছিল ১৯৪৭ চনৰ ৩ মে' তাৰিখে। জাপানৰ সংবিধান বিশ্বৰ আতাইতকৈ পুৰণি অসংশোধিত সংবিধান। সংবিধানখনৰ দৈৰ্ঘ্যও কম: বিশ্বৰ সংবিধানসমূহত গড়ে ২১,০০০ শব্দ থাকে, কিন্তু জাপানৰ সংবিধানত কেৱল ৫,০০০ শব্দ আছে।[2][3]