জাপানৰ প্ৰশাসনিক অঞ্চল
From Wikipedia, the free encyclopedia
জাপানৰ প্ৰশাসনিক অঞ্চল বা প্ৰিফেকচাৰ (ইংৰাজী: Prefectures of Japan; 都道府県, টোডোউফুকেন) বুলিলে আধুনিক জাপান ৰাষ্ট্ৰৰ ৪৭খন প্ৰশাসনিক তথা বিচাৰ বিভাগীয় গোটক বুজায়। ইয়াৰ ভিতৰৰ ৪৩খন হ'ল যথাৰ্থত প্ৰশাসনিক অঞ্চল (県 কেন্), ২খন নগৰ-প্ৰশাসনিক অঞ্চল (府 ফু, উছাকা আৰু কিয়োটো), এখন "বৰ্তনী" বা "এলেকা" (道 দোউ, হোক্কাইডো) আৰু এখন "মহানগৰ" (都 টো, টকিঅ')। ১৮৬৮ চনত ক্ষমতাপ্ৰাপ্ত মেইজি ফুহাংকেন ছাঞ্চিছেইৰ প্ৰশাসনে ১৮৭১ চনত জাপানৰ পুৰণা প্ৰদেশসমূহক পুনৰ্বিন্যস্ত কৰি বৰ্তমান প্ৰশাসনিক অঞ্চল ব্যৱস্থাৰ সূচনা কৰে।[1]
প্ৰশাসনিক অঞ্চল 都道府県 টোডোউফুকেন | |
---|---|
শ্ৰেণী | এককেন্দ্ৰিক ৰাষ্ট্ৰ |
অৱস্থান | জাপান |
সংখ্যা | ৪৭ |
জনসংখ্যা | ৫,৮৪,৯৮২ (টোট্টোৰি) – ১,২০,৫৯,২৩৭ (টকিঅ') |
কালি | 1,861.7 বৰ্গ কি.মি. (1.8617×109 বৰ্গ মিটাৰ) (কাগাৱা) – 83,453.6 বৰ্গ কি.মি. (8.34536×1010 বৰ্গ মিটাৰ) (হোক্কাইডো) |
চৰকাৰ | প্ৰশাসনিক অঞ্চল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ |
বিভাগ | জিলা |
প্ৰতিখন প্ৰশাসনিক অঞ্চলৰ কৰ্ণধাৰ হৈছে এজন প্ৰত্যক্ষ নিৰ্বাচিত ৰাজ্যপাল (知事 চিজি)। স্থানীয় বিচাৰবিভাগীয় সিদ্ধান্ত আৰু বাজেট দাখিল কৰে এখন এককক্ষবিশিষ্ট সভাই (議会 গিকাই)। এই সভাৰ সদস্যসকলক চাৰি বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়।
বৰ্তমান স্থানীয় স্বায়ত্তশাসন আইন অনুযায়ী প্ৰতিখন প্ৰশাসনিক অঞ্চলক কেইবাখনো নগৰ (市 শি) আৰু জিলা (郡 গুন) হিচাপে বিভক্ত কৰা হয়। প্ৰতিখন জিলা কেইবাখনো চহৰ (町 চোও/মাচি) আৰু গাঁৱত (村 সোণ/মুৰা) বিভক্ত; যেনে, হোক্কাইডো ১৪খন জিলা বা উপ-প্ৰশাসনিক অঞ্চলত বিভক্ত, যিবোৰে হোক্কাইডো প্ৰশাসনিক অঞ্চলৰ শাখা কাৰ্যালয় (支庁 ছিচোউ) হিচাপে কাম কৰে। অন্য কোনো কোনো প্ৰশাসনিক অঞ্চলতো এই ধৰণৰ শাখা কাৰ্যালয় আছে যিবোৰত ৰাজধানীৰ বাহিৰৰ পৰা প্ৰশাসনিক কাম-কাজ চলোৱা হয়। জাপানৰ ৰাজধানী টকিঅ' এক প্ৰকাৰৰ মিশ্ৰ নগৰ-প্ৰশাসনিক অঞ্চল বা মহানগৰ; ইয়াত নগৰ আৰু প্ৰশাসনিক অঞ্চল - উভয়ৰে বৈশিষ্ট্য বিদ্যমান।