জাকাৰ্টা
ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ / From Wikipedia, the free encyclopedia
জাকাৰ্টা (ইংৰাজী: Jakarta; /dʒəˈkɑrtə/,[টোকা- ১] চৰকাৰী নাম: জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা, ইণ্ডোনেছিয়ান: ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা) হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী তথা বৃহত্তম চহৰ, (যদিও জাকাৰ্টা নিজে এখন প্ৰদেশ) আৰু বিশ্বৰ এখন লেখত ল'বলগীয়া জনবহুল নগৰ অঞ্চল।
জাকাৰ্টা ডায়েৰা খুছুছ ইবু ক'তা জাকাৰ্টা বাটাভিয়া |
|||
---|---|---|---|
জাকাৰ্টাৰ বিশেষ ৰাজধানী এলেকা | |||
Jakarta Pictures-4.jpg(ওপৰৰ পৰা, বাঁওফালৰ পৰা সোঁফাললৈ): Jakarta Old Town, Hotel Indonesia Roundabout, Jakarta Skyline, Gelora Bung Karno Stadium, Taman Mini Indonesia Indah, Monumen Nasional, Merdeka Palace, Istiqlal Mosque | |||
|
|||
অন্য নাম: দ্য বিগ ডুৰিয়ান,[1][2] জে-টাওন[3] | |||
নীতি বাক্য: জয় ৰয় (সংস্কৃত) (meaning: বিজয়ী আৰু মহান) |
|||
ভৌগোলিক স্থানাংক: 6°12′S 106°49′E | |||
ৰাষ্ট্ৰ | ইণ্ডোনেছিয়া | ||
চৰকাৰ | |||
- প্ৰকাৰ | বিশেষ প্ৰশাসনিক এলেকা | ||
- ৰাজ্যপাল | বাসুকী জাহাজা পূৰ্ণম[4] | ||
মাটিকালি | |||
- নগৰ | ৬৬৪.০০ কি.মি.২ (২৫৬.৪ বৰ্গ মাইল) |
||
- পানী | ৬,৯৭৭.৫ কি.মি.২ (২,৬৯৪ বৰ্গ মাইল) |
||
অঞ্চলৰ স্থানাংক | ৩৩ তম | ||
উচ্চতা | ৮ মিটাৰ (২৬.২৫ ফুট) | ||
জনসংখ্যা (২০১০) | |||
- চহৰ | ১,১৩,৭৪,০২২ জন | ||
- স্থান | ষষ্ঠতম | ||
- জনঘনত্ব | ১৭,১২৯.৬ প্ৰতি বৰ্গ কি.মি. (৪৪,৩৬৫.৩ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ৩,০৩,২৬,১০৩'"`UNIQ--ref-০০০০০০০৪-QINU`"' জন | ||
- মহানগৰৰ জনঘনত্ব | ৪,৩৮৩.৫৩ প্ৰতি বৰ্গ কি.মি. (১১,৩৫৩.৩ প্ৰতি বৰ্গ মাইল) |
||
বিশেষণ | জাকাৰ্টান, ইণ্ডোনেছিয়ান: ৱাৰ্গা জাকাৰ্টা | ||
সময় অঞ্চল | WIB (গ্ৰী.মা.স.+৭) | ||
অঞ্চল কোড | +৬২ ২১ | ||
যানবাহনৰ নম্বৰ | B | ||
ৱেবছাইট | jakarta.go.id | ||
জাকাৰ্টা কোনো প্ৰদেশৰ অংশ নহয়, ইয়াক ৰাষ্ট্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে শাসন কৰে আৰু "বিশেষ ৰাজধানী এলেকা" বুলি নামকৰণ কৰা হৈছে। |
জাভাৰ দক্ষিণ-পশ্চিম উপকূলত অৱস্থিত, জাকাৰ্টা হৈছে দেশৰ অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক কেন্দ্ৰস্বৰূপ। ২০১২ চনৰ ডিচেম্বৰত ইয়াৰ জনসংখ্যা আছিল ৯৭,৬১,৪০৭ জন।[5] ই হৈছে ইণ্ডোনেছিয়া আৰু দক্ষিণ-পূৱ এছিয়াৰ সৰ্বাধিক জনবহুল নগৰৰ অন্যতম।[6] জাব'ডেটাবেক (জাকাৰ্টা, ব'গৰ, ডেপ'ক, টাংগাৰাং আৰু বেকাছি নামৰ সন্মিলিত ৰূপ) বলি জনাজাত, দেশৰ চৰকাৰী নগৰ অঞ্চল হৈছে পৃথিৱাৰ ভিতৰত দ্বিতীয় বৃহত্তম অঞ্চল।
চতুৰ্থ শতাব্দীত প্ৰতিষ্ঠিত এই নগৰখন, ছুন্দা সাম্ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক বন্দৰলৈ পৰিণত হয়। ই ডিউট্ছ ইষ্ট ইন্দিছৰ ডে ফেক্ট' ৰাজধানী আছিল (সেই সময়ত বেটাভিয়া বুলি জনাজাত আছিল)। ১৯৪৫ চনত ইন্দুনেছিয়াই স্বাধীনতা লাভ কৰাৰে পৰা বৰ্তমানলৈকে ই দেশখনৰ ৰাজধানী হৈ আছে। বৰ্তমান নগৰখনে দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ASEAN) সচিবালয়তো স্থান লাভ কৰিছে।
২০০৮ গ্ল'বেলাইজেশ্বন আৰু ৱৰ্ল্ড চিটিজ ষ্টাডি গ্ৰুপ এণ্ড নেটৱৰ্ক (GaWC) অনুসন্ধানত নগৰখনক গোলকীয় নগৰৰ তালিকাত স্থান দিয়া হৈছিল।[7] ব্ৰ'কিং ইনষ্টিটিউটৰ এক সমীক্ষা মতে, ২০১১ চনত জাকাৰ্টাৰ অৰ্থনৈতিক বিকাশ পৃথিৱীৰ ২০০খন বৃহৎ চহৰৰ ভিতৰত সপ্তদশ স্থানত আছিল, ২০০৭ চনত জাকাৰ্টাৰ এই স্থান আছিল ১৭১ তম। বৰ্তমান কুৱালালামপুৰ, বেইজিং আৰু বেংককতকৈ নগৰখন অধিক দ্ৰুতভাৱে বিকশিত হৈছে।[8]