জলমণ্ডল
পৃথিৱীত থকা পানীৰ সৰ্বমুঠ পৰিমাণ / From Wikipedia, the free encyclopedia
জলমণ্ডল (গ্ৰীক শব্দ: হাইড্ৰ’, “জল” আৰু স্পাইৰা, “মণ্ডল”) হৈছে ভূ-পৃষ্ঠত থকা সকলো সাগৰ-মহাসাগৰ, হ্ৰদ, নদ-নদী, ভূ-জল, অন্যান্য জলৰাশি, জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ, এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ ঠাই আগুৰি আছে। পৃথিৱীৰ জলমণ্ডল প্ৰায় ৪ বিলিয়ন বছৰ ধৰি বৰ্তি আছে। [1][2] মহাদেশীয় বিস্থাপন আৰু সমুদ্ৰতল প্ৰসাৰণৰ বাবে ইয়াৰ আকৃতি সঘনাই সলনি হৈ থাকে।[3] বিশেষকৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বৰ্তমান পৃথিবীৰ জলমণ্ডলৰ আকৃতি দ্ৰুত গতিত পৰিবৰ্তন হ’বলৈ ধৰিছে।[4]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |