![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Jagdeep_%2528actor%2529_at_the_Dadasaheb_Phalke_Academy_Awards_2010.jpg/640px-Jagdeep_%2528actor%2529_at_the_Dadasaheb_Phalke_Academy_Awards_2010.jpg&w=640&q=50)
জগদীপ
ভাৰতীয় অভিনেতা / From Wikipedia, the free encyclopedia
ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি (২৯ মাৰ্চ, ১৯৩৯ - ৮ জুলাই, ২০২০)[4] এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেখেত জগদীপ নামেৰে জনপ্ৰিয়। তেখেতে চাৰিশতকৈও অধিক চিনেমাত অভিনয় কৰিছে। ইয়াৰে উল্লেখযোগ্য চৰিত্ৰকেইটা হ'ল- শ্ব'লে (১৯৭৫) চিনেমাত চুৰমা ভুপালী, পুৰাণা মন্দিৰ (১৯৮৪) ছবিত মাছছাৰ আৰু অন্দাজ অপনা অপনা (১৯৯৪)ত ছলমান খানৰ দেউতাকৰ চৰিত্ৰ। তেওঁ নিজে পৰিচালনা কৰা চুৰমা ভুপালী নামৰ ছবিখনত এজন প্ৰটাগনিষ্টৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] বি আৰ চোপ্ৰাৰ অফছানা ছবিত এজন শিশু-শিল্পী ৰূপে তেখেতে অভিনয় জীৱন আৰম্ভ কৰে আৰু অৱ দিল্লী দূৰ নহী, কে এ আব্বাছৰ মুন্না, গুৰু দত্তৰ আৰ-পাৰ, বিমল ৰয়ৰ দৌ বিঘা জমীন আদিৰ দৰে সফল ছবিত কাম কৰে। ২০২০ চনৰ ৮ জুলাই তাৰিখে বয়সজনিত কাৰণত তেখেতৰ মৃত্যু হয়।
ক্ষিপ্ৰ তথ্য জগদীপ, জন্ম ...
জগদীপ | |
---|---|
![]() ২০১০ চনত জগদীপ | |
জন্ম | ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি ২৯ মাৰ্চ, ১৯৩৯ ডাতিয়া, মধ্য প্ৰদেশ, ভাৰত |
মৃত্যু | ৮ জুলাই, ২০২০ (৮১ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1] |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ১৯৫১-২০২০[2] |
দাম্পত্যসঙ্গী | নাছিম বেগম, সুঘ্ৰা বেগম, নাজিমা |
সন্তান | জাভেদ জাফ্ৰিৰ সৈতে ছজন[3] |
বন্ধ কৰক