ছাৱী ভাষা
From Wikipedia, the free encyclopedia
ছাৱী বা ছাউজী[2] এটি লুপ্তপ্ৰায় দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যি আফগানিস্তান আৰু উত্তৰ-পশ্চিম পাকিস্তানত মূলতঃ ব্যৱহাৰ কৰা হয়।[3] এই ভাষাক শ্বিনা ভাষিক গোটৰ অংশ জ্ঞান কৰা হয় দাৰ্দিক ভাষাসমূহৰ মাজত।
Sawi | |
---|---|
থলুৱা অঞ্চল | Afghanistan, Pakistan |
স্থানীয় ভাষিক |
9,000 (2021)e25 |
ভাষা পৰিয়াল |
Indo-European
|
ভাষা সংকেত | |
ISO 639-3 | sdg |
গ্লোটোলগ | savi1242 [1] |
এই ভাষা ছাউ গাৱঁত ব্যৱহাৰ কৰা হয়, অৰণ্ডু চহৰৰ দক্ষিণ দিশে প্ৰায় ২০ কিলোমিটাৰ, কুনাৰ নদীৰ পূব দিশে যিয়ে পাকিস্তানৰ চিত্ৰল অঞ্চলৰ সৈতে সীমা ৰাখে।[4] ছাৱী ভাষী লোকে নিজকে গৱাৰ জনগোষ্ঠীৰ অংশ জ্ঞান কৰে, যি সেই গাৱঁৰ উপৰিও ওচৰৰ ছখনমান গাৱঁত থাকে আৰু যাৰ ভাষা সাধাৰণতে গৱাৰবাতী। তেওঁলোকৰ সৈতে কথোপকথন কৰিবলৈ ছাৱী ভাষী লোকে সাধাৰণতে পশ্তো ভাষা ব্যৱহাৰ কৰে বুলি পোৱা গৈছে।[5] আফগাতিস্তানত দেখা দিয়া দীঘলীয়া ৰাজনৈতিক অশান্তিৰ সময়ত ছাউ গাৱঁৰ লোকক চিত্ৰল আৰু দীৰ অঞ্চলৰ শৰণাৰ্থী শিবিৰলৈ স্থানান্তৰিত কৰা হৈছিল, কিন্তু বৰ্তমানে তেওঁলোক আকৌ আফগানিস্তানলৈ উভতি গৈছে।[4]