ছনেট
From Wikipedia, the free encyclopedia
ছনেট (ইংৰাজী: Sonnet) কাব্য-সাহিত্যৰ এটি ৰূপ। চিচিলিয়ান চহৰ ’পাৰ্লামোৰ’ ৰোমান সম্ৰাট দ্বিতীয় ফ্ৰডেৰিকৰ ৰাজদৰবাৰত ৰচিত কবিতাৰ মাজৰ এটা কাব্যিক ৰূপ হৈছে ছনেট। ত্ৰয়োদশ শতিকাৰ কবি আৰু নটাৰী ’জিয়াকামো দা লেণ্টিনি’ক ছনেট উদ্ভাৱনৰ কৃতিত্ব দিয়া হয় আৰু তেওঁক আগুৰি থকা “চিচিলিয়ান স্কুল অৱ পয়েট’’এ কবিতাৰ এই ৰূপটো বিয়পাই দিয়ে। আদিম ছনেটবোৰ চিচিলিয়ান ভাষাত ৰচিত হৈছিল, যিবোৰৰ অস্তিত্ব এতিয়া পাবলৈ নাই, কিন্তু টাস্কান উপভাষালৈ অনূদিত হোৱা ছনেটসমূহ পোৱা যায়। ক্ৰিষ্টোফাৰ ব্লামৰ মতে, ইউৰোপৰ নৱজাগৰণৰ সময়ত “ৰোমাণ্টিক প্ৰেম প্ৰকাশৰ উপায়’’ হৈ পৰিছিল৷[1]সেই সময়ছোৱাতো ইউৰোপৰ আন আন বহুতো ভাষাত কবিতাৰ এই ৰূপ গ্ৰহণ কৰা হৈছিল আৰু পিছলৈ যিকোনো বিষয় লেখকৰ বাবে গ্ৰহণযোগ্য বুলি বিবেচিত হৈছিল৷ ছনেটৰ প্ৰতিষ্ঠিত শৈলীৰ প্ৰতি অধৈৰ্যতাৰ বাবে পিছলৈ ইয়াৰ বহু তাৰতম্য ঘটিছিল৷