শ্ৰী মাধৱদেৰ ৰচিত নাটক। From Wikipedia, the free encyclopedia
মাধৱদেৱৰ চোৰধৰা নাটকখন শ্ৰীকৃষ্ণৰ বাল্য লীলা-বিষয়ক।[1] মাধৱদেৱৰ নাটকবোৰ "ঝুমুৰা" হিচাপেহে অসমীয়া নাট্য সাহিত্যত পৰিচিত। চৰিত পুথি মতে অনুমাণিক ১৫৫৭ খ্ৰীষ্টাব্দৰ ভিতৰত মাধৱদেৱে চোৰধৰা নাটকখন ৰচনা কৰে। নাটকখনিৰ মূল "বিল্বমঙ্গল"ৰ 'কৃষ্ণস্তোত্ৰ'ৰ কেইটিমান নিৰ্দিষ্ট শ্লোক। চোৰধৰা নাটকৰ কাহিনীৰ কোনো বিকাশ নাই। কাহিনী য'ত আৰম্ভ হৈছে, ত'তেই তাৰ সমাপ্তিও ঘটিছে।[2] চোৰধৰা নাটকত গোৱালিনীসকলে মাখন চোৰ বুলি কৃষ্ণক ধৰিছে আৰু অইনফালে মাতৃ যশোদাৰ কৃষ্ণ হেৰাল বুলি অন্বেষণ। বহুত বিচৰাৰ পিছত যশোদাই আহি কৃষ্ণক গোৱালিনীসকলৰ হাতৰ পৰা এৰুৱাই অনেক কাৰ্তুবাদ কৰি ঘৰলৈ লৈ গৈছে।[1]
শূন্যগৃহ দেখি লৱণু চুৰি কৰিবলৈ গৈ শিশুকৃষ্ণই গোৱালিনীৰ হাতত ধৰা পৰে। সাৰিবৰ উপায় নেদেখি ছেগ বুজি কৃষ্ণই লগৰ গৰখীয়া ল'ৰা কেইজনমানক মাতি আনি তেওঁক মিছাকৈ চোৰধৰা বুলি কৈ গোপীহঁতৰ ওপৰতহে তেওঁলোকে ওলোটাই গালি বৰষিব ধৰিলে। ইপিনে বহুত পৰলৈ কৃষ্ণ ঘৰলৈ উলটি নহা দেখি যশোদাই ব্যাকুল হৈ যমুনাৰ পাৰে পাৰে বিচাৰি চলাথ কৰিলে। শেষত এগৰাকী গোপীয়ে তেওঁক দেখা বুলি কৈ যশোদাক সেই ঠাইলৈ লৈ গ'ল। কৃষ্ণক দেখি যশোদাৰ হৃদয় শাঁত পৰে। তেওঁ কৃষ্ণক কোলাত তুলি লয়। কৃষ্ণই মাকৰ স্তন পান কৰি কান্দি কান্দি গোৱালিনীৰ বিৰুদ্ধে কথা লগাই মাকৰ হতুৱাই গোৱালিনীসকলক গালি খুৱাইছে।[3]
মাধৱদেৱ আছিল মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী | ১৪৮৯ চনত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয় | পিতৃ গোবিন্দগিৰি আৰু মাতৃ মনোৰমা| প্ৰথমতে শাক্ত আছিল যদিও শংকৰদেৱৰ সান্নিধ্যলৈ আহি একান্ত বৈষ্ণৱ হয় | মাধৱদেৱ আছিল এক বিৰল প্ৰতিভাৰ অধিকাৰী আছিল | শংকৰদেৱৰ পিছত মাধৱদেৱ ধৰ্মাধিকাৰীৰূপে মনোনীত হয় আৰু একাণপতীয়াকৈ শাস্ত্ৰ ৰচনা আৰু ধৰ্ম প্ৰচাৰৰ কাম কৰে | চিৰকুমাৰ মাধৱদেৱৰ ১৫৯৬ চনত মৃত্যু হয় |[4] "শ্ৰীশ্ৰীমাধৱদেৱৰ বাক্যামৃত" নামৰ গ্ৰন্থত মাধৱদেৱৰ ৰচনাৰাজি তলত দিয়া ধৰণৰ:-[5]
চোৰধৰা নাটকখনৰ কেন্দ্ৰীয় চৰিত্ৰ হ'ল বালক কৃষ্ণ। নাট্যকাৰে নাটত শিশু কৃষ্ণক দুমুখীয়া ৰূপত চিত্ৰিত কৰিছে। এফালেদি তেওঁ চোৰ চাতুৰি খেলি গোৱালী আৰু যশোদাক লটিঘটি কৰা বিহগুটি মানৱ শিশু আৰু আনফালেদি তেঁৱেই ভূমিৰ ভাৰ বহন কৰোঁতা ত্ৰিজগতৰ পতি। লৱণুচোৰ আৰু বাকপটু কানায়ে গোৱালীৰ ওচৰত নেগুৰ কটা বাঘ ৰূপে আৰু যশোদাৰ ওচৰত শান্ত শিষ্ট অজলা শিশু ৰূপে ধৰা দিছে।[6]ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে "মানৱ শিশুৰ কাৰ্যকলাপ আৰু ব্যৱহাৰ কৃষ্ণ চৰিত্ৰত আৰোপ কৰিছে যদিও কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক দিশলৈ নাট্যকাৰে পিঠি দিয়া নাই। কৃষ্ণ চৰিত্ৰৰ ঐশ্বৰিক দিশ ফুটাই তুলিবলৈ যাওঁতে অথবা ধৰ্মীয় কথা জাপি দৰ্শকৰ ৰসবোধত ব্যাঘাত জন্মোৱা নাই। "[7]
নাটখনিত প্ৰধান নাৰী চৰিত্ৰ হ'ল যশোদা | যশোদাক ইয়াত চিৰন্তন মাতৃ ৰূপে অংকন কৰিছে | যশোদা ইয়াত স্নেহ মমতাৰ জীৱন্ত প্ৰতিমূৰ্তি | যশোদাৰ বাবে শিশুকৃষ্ণ 'কৌটি পুৰুষক পৰম দেৱতা, মাথাক মুকুট, বুকুৰ শীতল চন্দন' (বই) নয়নমণি কৃষ্ণক অকণমান পৰ নেদেখিলেই যশোদাই দিনতে আন্ধাৰ দেখে | যমুনাৰ পাৰে পাৰে বিচাৰি চলাথ কৰাৰ পিছত যেতিয়া গোৱালিনীৰ মাজত কৃষ্ণক দেখা পাইছে তেতিয়া যশোদাৰ হিয়া শাঁত পৰিছে | কৃষ্ণই যেতিয়া গোৱালিনীৰ বিৰুদ্ধে গোচৰ দিছে তেতিয়া যশোদাই খঙত অগ্নিশৰ্মা হৈ গোৱালিনীহঁতক ঢাণ্ডী, দাসীৰ দাসী বুলি গালি পাৰিছে আৰু সেই স্থানলৈ দুনাই নাহিবলৈ কৃষ্ণক কৈছে | এনেকৈয়ে যশোদাৰ মমতাময়ী চিৰন্তৰ মাতৃৰ ৰূপ প্ৰকাশ পাইছে |[8]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.