From Wikipedia, the free encyclopedia
কুৰুৰাজ শান্তনুৰ পত্নী সত্যৱতীৰ গৰ্ভত চিত্ৰাঙ্গদ (সংস্কৃত: चित्रांगद , ইংৰাজী: Chitrāngada)-ৰ জন্ম হয়। তেওঁৰ ভাতৃ আছিল বিচিত্ৰবীৰ্য্য।
চিত্ৰাঙ্গদ | |
---|---|
মহাভাৰতৰ চৰিত্ৰ | |
তথ্য | |
পৰিয়াল | শান্তনু (পিতৃ) সত্যৱতী (মাতৃ) বিচিত্ৰবীৰ্য্য (ভাতৃ) ভীষ্ম (ভাতৃ) |
দাম্পত্যসঙ্গী | অবিবাহিত |
কনিষ্ঠপুত্ৰ বিচিত্ৰবীৰ্য্য যৌৱনকাল নৌপাওঁতেই কুৰুৰাজ শান্তনুৰ মৃত্যু হয়। ভীষ্ম ৰাজসিংহাসন গ্ৰহণ নকৰোঁ বুলি ভীষ্ম প্ৰতিজ্ঞা কৰিছিল বাবে তেওঁ ৰাজসিংহাসনত নবহে। সেয়ে তেওঁ মাতৃ সত্যৱতীৰ অনুমতি লৈ চিত্ৰাঙ্গদক কুৰুবংশৰ ৰাজসিংহাসনত বহুৱায়।
চিত্ৰাঙ্গদ আছিল এজন বীৰ যোদ্ধা। তেওঁ বহুতো শক্তিশালী বীৰ শত্ৰু তথা অসুৰবোৰক মাৰিছিল।
এদিন গন্ধৰ্বৰাজে চিত্ৰাঙ্গদক তেওঁৰ সৈতে দ্বন্দ্বযুদ্ধৰে কাৰণে আহ্বান কৰে। কুৰুক্ষেত্ৰৰ হিৰণ্যৱতী নদীৰ পাৰত দুই যোদ্ধা গন্ধৰ্বৰাজৰ আৰু চিত্ৰাঙ্গদৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। তিনিবছৰ অব্যাহত থকাৰ পিছত, অৱশেষত চিত্ৰাঙ্গদৰ মৃত্যু হয় আৰু সেই দ্বন্দ্ব যুদ্ধত গন্ধৰ্বৰাজ বিজয়ী হয়।[1] চিত্ৰাঙ্গদৰ মৃত্যুৰ পিছত গংগাপুত্ৰ ভীষ্মই বিচিত্ৰবীৰ্য্যক ৰাজসিংহাসনত বহুৱায়।[2]
চিত্ৰাঙ্গদৰ পিতৃ-মাতৃ আছিল কুৰুৰাজ শান্তনু আৰু সত্যৱতী বা মৎস্যগন্ধা। তেওঁ আছিল বিচিত্ৰবীৰ্য্যৰ ডাঙৰ ভাই। ভাতৃ ভীষ্ম আছিল তেওঁৰ মাহীমাকৰ পুত্ৰ গংগাৰ। মাতৃ সত্যৱতীৰ আৰু পৰাশৰ মুনিৰ পুত্ৰ আছিল বেদব্যাস। পৰাশৰৰ পুত্ৰ ব্যাসৰ মাতৃ সত্যৱতীৰ পিছত হস্তিনাপুৰৰ ৰজা শান্তনুৰ লগত বিবাহ হয় আৰু তেওঁৰ চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য নামেৰে দুই পুত্ৰ জন্ম হয়। শান্তনুৰ দুই পুত্ৰৰ অকাল মৃত্যুৰ পিছত বিচিত্ৰবীৰ্য্যৰ দুই বিধবা ৰাণী অম্বিকা আৰু অম্বালিকাৰ গৰ্ভত মাতৃৰ আজ্ঞাত নিয়োগ প্ৰথামতে পুত্ৰ উৎপাদন কৰি ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ জন্ম দিয়ে সত্যৱতী আৰু পৰাশৰ পুত্ৰ ব্যাসে।
কুৰুক | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
গংগা | শান্তনুক | সত্যৱতী | পৰাশৰ | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ভীষ্ম | চিত্ৰাঙ্গদ | অম্বিকা | বিচিত্ৰবীৰ্য | অম্বালিকা | ব্যাস | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
ধৃতৰাষ্ট্ৰখ | গান্ধাৰী | শকুনি | কুন্তী | পাণ্ডুখ | মাদ্ৰী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
কৰ্ণঘ | যুধিষ্ঠিৰঘ | ভীমঘ | অৰ্জুনঘ | সুভদ্ৰা | নকুলঘ | সহদেৱঘ | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
দুৰ্যোধনচ | দুঃশলা | দুঃশাসন | (অন্য ৯৮ জন পুত্ৰ) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
অভিমন্যু | উত্তৰা | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
পৰীক্ষিত | মাদ্ৰৱতী | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
জন্মেজয় | |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
সাংকেতিক চিহ্ন
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.