![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3c/Hayfestival-2016-Salman-Rushdie-1-cu.jpg/640px-Hayfestival-2016-Salman-Rushdie-1-cu.jpg&w=640&q=50)
চলমান ৰুশ্বদি
From Wikipedia, the free encyclopedia
আহমেদ চলমান ৰুশ্বদি (ইংৰাজী: Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে। পূব আৰু পশ্চিমৰ মাজত অজস্ৰ সংযোগ, বিচ্ছিন্নতা আৰু অভিব্যক্তি তেওঁৰ লিখনিৰ অন্যতম বিষয়।
চলমান ৰুশ্বদি | |
---|---|
![]() ২০১৬ চনত ৰুশ্বদি | |
জন্ম | আহমেদ চলমান ৰুশ্বদি ১৯ জুন, ১৯৪৭ (৭৭ বছৰ) মোম্বাই, মোম্বাই প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
পেচা | লেখক, অধ্যাপক |
নাগৰিকত্ব |
|
শিক্ষা | কেথেড্ৰেল আৰুজন কনন স্কুল |
মাতৃশিক্ষায়তন | কিংছ কলেজ, কেমব্ৰিজ, কলা স্নাতক |
ধৰণ |
|
বিষয় |
|
দাম্পত্যসংগী |
|
সন্তান | 2 |
ৱেবছাইট | salmanrushdie |
১৯৮৮ চনত প্ৰকাশিত তেওঁৰ চতুৰ্থখন উপন্যাস দ্য ছেটানিক ভাৰ্চেছ বিশ্বজুৰি এক বৃহৎ পৰিমাণৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰে। কিতাপখন প্ৰকাশ হোৱাৰ পিছত, কেইবাখনো দেশৰ মুছলমানসকলে প্ৰতিবাদ কৰিছিল যি কেতিয়াবা হিংসাত্মক হৈ পৰিছিল।[2] তেওঁক মৃত্যুৰ ভাবুকিও দিয়া হৈছিল। ইৰাণৰ মুখ্য ধৰ্মীয় নেতা আয়াতুল্লাহ ৰুহুল্লা খোমেনীয়ে কিতাপখন লিখাৰ বাবে ১৯৮৯ চনৰ ১৪ ফেব্ৰুৱাৰীত তেওঁৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোয়া জাৰি কৰিছিল।[3]