গৰ্ভধাৰণ (ইংৰাজী: Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি।[1] বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান।[2] যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়। অন্তিম ঋতুকালৰ পাছৰ পৰা প্ৰায় ৪০ সপ্তাহলৈকে গৰ্ভধাৰণ হয় আৰু সন্তান প্ৰসৱেৰে ইয়াৰ অন্ত পৰে।[1][3] ই হৈছে ৯ টা চন্দ্ৰ মাহ, প্ৰতিটো মাহত ২৯ দিনকৈ থাকে।[1][3] নিষেচনৰ পৰা হিচাপ কৰিলে ইয়াৰ দৈৰ্ঘ্যতা হ’ব ৩৮ সপ্তাহ। প্ৰথম ৮ সপ্তাহলৈকে বিকাশশীল অপত্যক ভ্ৰূণ বুলি কোৱা হয় আৰু তাৰ পিছৰে পৰা জন্ম হোৱালৈকে ইয়াক সন্তান বোলে।[3] গৰ্ভধাৰণৰ লক্ষণবোৰ হৈছে ঋতুচক্ৰত যতি পৰা, স্তনৰ বিষ, অৰুচি আৰু বমি, ভোক লগা, সঘনাই প্ৰস্ৰাৱ কৰিব লগা আদি।[4] গৰ্ভধাৰণ পৰীক্ষাৰ দ্বাৰাও গৰ্ভধাৰণ নিশ্চিত কৰিব পৰা যায়।[5]

ক্ষিপ্ৰ তথ্য গৰ্ভধাৰণ, শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস ...
গৰ্ভধাৰণ
Thumb
এগৰাকী গৰ্ভৱতী মহিলা
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা) Obstetrics
ICD-10 Z33
ICD-9-CM 650
ৰোগৰ আধাৰতথ্য 10545
মেড্‌লাইন প্লাছ 002398
eমেডিচিন article/259724
MeSH D011247
বন্ধ কৰক

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.