![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3b/Gauhati_Commerce_College.jpg/640px-Gauhati_Commerce_College.jpg&w=640&q=50)
গৌহাটী বাণিজ্য মহাবিদ্যালয়
From Wikipedia, the free encyclopedia
গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমাৱস্থাত কটন মহাবিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণীকোঠাত মহাবিদ্যালয়খনৰ পাঠদান কৰা হৈছিল[2] আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৩০০ গৰাকী। ২০১১ চনত গৌহাটী বাণিজ্য মহাবিদ্যালয়ে বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰে।[1] মহাবিদ্যালয়খনৰ পাঠ্যক্ৰম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
ক্ষিপ্ৰ তথ্য গৌহাটী বাণিজ্য মহাবিদ্যালয় গৌহাটী কমাৰ্চ কলেজ, স্থাপিত ...
গৌহাটী বাণিজ্য মহাবিদ্যালয় গৌহাটী কমাৰ্চ কলেজ | |
---|---|
![]() | |
স্থাপিত | ১৯৬২ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড০ হোমেশ্বৰ কলিতা |
শিক্ষাৰ্থী | ৩০০০+[1] |
স্থান | গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | gauhaticommercecollege.in |
বন্ধ কৰক