![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Ginni_Mahi_%2528Photo_by_Atul_Anand%2529.jpg/640px-Ginni_Mahi_%2528Photo_by_Atul_Anand%2529.jpg&w=640&q=50)
গিন্নী মাহী
ভাৰতীয় কণ্ঠশিল্পী / From Wikipedia, the free encyclopedia
গিন্নী মাহী (জন্ম ১৯৯৮) হৈছে ভাৰতৰ পঞ্জাৱৰ জলন্ধৰৰ বাসিন্দা এগৰাকী ভাৰতীয় পাঞ্জাৱী লোক, ৰেপ আৰু হিপ-হপ গায়িকা।[1] তেওঁ তেওঁৰ ফেন বাবা চাহিব দি আৰু ডেঞ্জাৰ চামাৰ গানৰ দ্বাৰা বিখ্যাত হৈছিল যিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল। তেওঁ জাৰ্মানীৰ গ্লোবেল মিডিয়া ফ'ৰামত (জিএমএফ ২০১৮) অংশগ্ৰহণ কৰিছিল, য'ত তেওঁক সমতা আৰু স্বাধীনতাত যুৱ কণ্ঠ স্বৰ বুলি অভিহিত কৰা হৈছিল। .
গিন্নী মাহী | |
---|---|
![]() | |
জন্ম | ২৬ নৱেম্বৰ ১৯৯৮ জলন্ধৰ, পঞ্জাৱ,ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | গুৰকানৱাল ভাৰতী |
পেচা | গায়ক, সুৰকাৰ, গীতিকাৰ |
ৱেবছাইট | |
Facebook Profile |
গিন্নীয়ে লতা মংগেশকাৰ আৰু শ্ৰেয়া ঘোষালক তেওঁৰ গীতৰ আদৰ্শ জ্ঞান কৰে আৰু বি আৰ আম্বেদকাৰৰ বাৰ্তাবোৰ তেওঁৰ গীতত প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। মাহীয়ে ভাৰতৰ বাহিৰত, কানাডা, গ্ৰীচ, ইটালী, জাৰ্মানী আৰু যুক্তৰাজ্যত গীত প্ৰদৰ্শন কৰিছে। তেওঁ ২০১৬ চনত দিল্লীত বুৰ্খা দত্তৰ সৈতে এন.ডি টিভিত তেওঁৰ প্ৰথম সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত, ২০১৮ চনত তেওঁ নতুন দিল্লীত আজতক টিভি চেনেলৰ দ্বাৰা আয়োজিত 'সাহিত্য' লাইভ কথোপকথন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তেওঁ ভাৰতীয় সমাজত মহিলাৰ সমতাৰ বাবে মাত মাতিবলৈ মঞ্চ লৈছিল।