![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/ad/3485c_myna%252Cbank_bithur_2007may05_09.46.54.jpg/640px-3485c_myna%252Cbank_bithur_2007may05_09.46.54.jpg&w=640&q=50)
গাং শালিকা
From Wikipedia, the free encyclopedia
গাং শালিকা (ইংৰাজী: Bank Myna , বৈজ্ঞানিক নাম- Acridotheres ginginianus) দক্ষিণ এছিয়াত দেখা পোৱা শালিকাৰ এটা প্ৰজাতি। ই দেখাত ঘৰশালিকা ৰ দৰে প্ৰায় একেই যদিও আকাৰত সৰু। তাৰোপৰি ইয়াৰ চকুৰ তলতে হালধীয়াৰ সলনি ৰঙচুৱা বৰণ দেখা যায়। উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতত ইয়াৰ জাক দেখা পোৱা যায়। ইয়াৰ বিতৰণ ক্ৰমান্বয়ে দক্ষিণ ভাৰতৰ দিশে বিয়পি যোৱাৰ তথ্য পোৱা গৈছে। নদীৰ পাৰত গাঁত খান্দি বৃহৎ গোটত বাহ সজাৰ বাবে ইয়াৰ ইংৰাজী নাম "Bank Myna" ৰখা হয়। .
ক্ষিপ্ৰ তথ্য গাং শালিকা (Bank Myna), সংৰক্ষণ স্থিতি ...
গাং শালিকা (Bank Myna) | |
---|---|
![]() | |
Near the Ganges at Bithur | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Sturnidae |
গণ: | Acridotheres |
প্ৰজাতি: | A. ginginianus |
বৈজ্ঞানিক নাম | |
Acridotheres ginginianus (Latham, 1790) |
বন্ধ কৰক