From Wikipedia, the free encyclopedia
খেউন ৰৌণ মাই ক্ব'[1](ইংৰাজী: Kheun Rwan Mai Kwa' or Singarigharutha) বা চিঙ্গাড়ীঘৰুথা হ'ল মধ্যযুগীয় অসমত ৰাজত্বকাৰী আহোম ৰাজ্যৰ চাওফাৰ ঐতিহাসিক ৰাজ্যভিষেক অনুষ্ঠান। আহোম শাসনৰ সময়ত এই অনুষ্ঠানে বিশেষ ৰাজকীয় মৰ্য্যাদা লাভ কৰিছিল সেইসময়ত আহোম ৰাজকুমাৰে এই অনুষ্ঠান অবিহনে ৰাজকীয়ভাবে মৰ্যাদা লাভ নকৰিছিল সেয়ে প্ৰতিজন চাওফাই এই প্ৰথাটোৰ মাজেৰেহে শাসন ভাৰ গ্ৰহণ কৰিছিল[2]। কিন্তু অনুষ্ঠানটি বহুত ব্যয়বহুল আছিল আৰু সেইবাবে এই অনুষ্ঠান কৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল আৰু দেশত আৰ্থিক সংকটত এই অনুষ্ঠান আনকি স্থগিত ৰাখিব লগাও হৈছিল।
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
"খেউন ৰৌণ মাই ক্ব" অনুষ্ঠানটি প্ৰথমে আহোম চাওফা চুদাংফা দ্বাৰা অনুষ্ঠিত কৰা হয়,। চুদাংফা 1397 খ্ৰীষ্টাব্দত চাওফা হয়। তেওঁ ৰাজধানী চৰাইদেউৰ পৰা চৰগুবালৈ সলাই। নতুন ৰাজধানীত চাওফা চুদাংফাই উৎসব অনুষ্ঠিত কৰিছিল এই প্ৰথা আহোমসকলৰ পূৰ্বপুৰুষ দেবতা ফুৰা লেংডনৰ আদেশ মতে পালন কৰি অহা হয়। আৰু সেইসময়ৰ পৰাই প্ৰতিজন চাওফাই এই অনুষ্ঠানটো পালন কৰি আহিছে। এই অনুষ্ঠানটি ত চাওফাসকলে চিঙ্গাড়ী গছৰ কাঠাম তৈয়াৰ কৰি তাতে অনুষ্ঠিত কৰিছিল সেয়ে ইয়াক চিঙ্গাড়ীঘৰুথা বুলা হয়। প্ৰায়বোৰ আহোম চাওফাই চৰাইদেউত এই অনুষ্ঠান ভাগ কৰিছিল কাৰণ চাওলুং জনাই স্থায়ী ৰাজধানী তাতে পাতিছিল।
এই অনুষ্ঠান ভাগি আহোমসকলৰ পৰম্পৰাগত আহোম ধৰ্মৰ পূজাৰী সকলে আগ ধৰে আৰু উপযুক্ত দিন বাৰ মঙল চায়। অনুষ্ঠান ভাগি অনুষ্ঠিত কৰা দিনা এটা মতা হাতীত চোমফাক পিন্ধি চাওঁফাই উঠিলৈ জ্যেষ্ঠ ৰাণী আই কুঁৱৰীক মাইকী হাতী এজনীত উঠাই চৰাইদেও অভিমুখে ৰাওনা হয়।[3][4] তাৰ পাছত ৰাজ দম্পতী হাল পাটঘৰত উপস্থিত হৈ মলুঙ সকলৰ দ্বাৰা ঙি পুলকৰ পবিত্ৰ পানী ছটিয়াই। কিছু আহোম পুথিৰ মতে সেই মলুঙ দুজন একে বংশৰে যাক এই কামৰ বাবে ৰাখি থোৱা হৈছিল। পানীখিনি ছটিওৱা পাছত মলুঙ কেইজনক সোণ ৰূপৰ বহু দামী উপহাৰ দিয়া হৈছিল। তাৰ পিছত কিছু সময় ৰাজধানীৰ পৰা আঁতৰি আছিল যাতে কোনো অসূয়া অমংগল বোৰ তাতে থাকি যায়।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.