![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/98/Caribbean_general_map.png/640px-Caribbean_general_map.png&w=640&q=50)
কেৰিবিয়ান সাগৰ
সাগৰ / From Wikipedia, the free encyclopedia
কেৰিবিয়ান সাগৰ (ইংৰাজী: Caribbean Sea) পশ্চিম গোলাৰ্ধত অৱস্থিত আটলান্টিক মহাসাগৰৰ এখন সাগৰ৷ এই সাগৰৰ পশ্চিমে মেক্সিকোৰ Yucatán Peninsula, পশ্চিম-দক্ষিণ দিশত কেন্দ্ৰীয় আমেৰিকা, উত্তৰে কিউবা, পূবে Lesser Antilles আৰু দক্ষিণে দক্ষিণ আমেৰিকাৰ সাগৰীয় উত্তৰ পাৰ (north coast)৷
কেৰিবিয়ান সাগৰ | |
---|---|
![]() | |
স্থানাংক | 15°N 75°W |
প্ৰকাৰ | সাগৰ |
কালি | 27,54,000 বৰ্গ কি.মি. (10,63,000 বৰ্গ মাইল) |
সৰ্বোচ্চ গভীৰতা | 7,686 মিটাৰ (25,217 ফুট) |
কেৰিবিয়ান সাগৰ, ৱেষ্ট ইণ্ডিজৰ অসংখ্য দ্বীপ আৰু কাষৰীয়া সাগৰীয় অঞ্চলসমূহক একেলগে ’কেৰিবিয়ান ( 'the Caribbean') বুলি জনা যায়৷ কেৰিবিয়ান সাগৰ বৃহৎ সাগৰসমূহৰ ভিতৰত অন্যতম আৰু ইয়াৰ কালি প্ৰায় ২,৭৫৪,০০০ বৰ্গ কিলোমিটাৰ ৷[1] এই সাগৰৰ আটাইতকৈ গভীৰ অংশৰ নাম Cayman Trough যাৰ গভীৰতা ৭,৬৮৬ মিটাৰ৷ ই কেইমেন দ্বীপ (Cayman Islands) আৰু জামাইকা (Jamaica) ত অৱস্থিত৷ কেৰিবিয়ান সাগৰত বহুতো খাদ আৰু উপসাগৰ আছে- Gulf of Gonâve, Gulf of Venezuela, Gulf of Darién, Golfo de los Mosquitos, Gulf of Paria আৰু Gulf of Honduras.
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/8/89/Roadtown%2C_Tortola.jpg/640px-Roadtown%2C_Tortola.jpg)
কেৰিবিয়ান সাগৰত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ প্ৰবাল প্ৰাচীৰ (barrier reef) আছে বুলি জনা যায়৷ এই প্ৰবাল প্ৰাচীৰৰ নাম Mesoamerican Barrier Reef৷ এই প্ৰাচীৰ মেক্সিকো, বেলিজ, গুৱাটেমালা আৰু হণ্ডুৰাছৰ প্ৰায় ৬০০ মাইল জুৰি বিস্তৃত হৈ আছে৷