ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ From Wikipedia, the free encyclopedia
কৈলাশাভাদীভু শিৱান (জন্ম ১৪ এপ্ৰিল ১৯৫৭) এজন ভাৰতীয় মহাকাশ বিজ্ঞানী তথা বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ।[1][2] পূৰ্বতে তেওঁ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ আৰু লিকুইড প্ৰপালচন কেন্দ্ৰৰ সঞ্চালক আছিল।[3]
কৈলাশাভাদীভু শিৱান | |
---|---|
২০১৮ চনৰ এক প্ৰেছ কনফাৰেন্সত ডঃ শিৱান | |
অধ্যক্ষ, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৫ জানুৱাৰী ২০১৮ | |
পূৰ্বসূৰী | এ. এছ. কিৰণ কুমাৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৪ এপ্ৰিল, ১৯৫৭ (৬৭ বছৰ) চাৰাক্কালভিলাই , কন্যাকুমাৰী, মাদ্ৰাজ ষ্টেট (বৰ্তমান তামিলনাডু) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি.ই.) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (এম.ই.) ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বে (পিএইচডি) |
প্ৰখ্যাত | নিম্নতাপ ৰকেট ইঞ্জিন |
১৯৫৭ চনৰ ১৪ এপ্ৰিল তাৰিখে তামিলনাডুৰ কন্যাকুমাৰীৰ ওচৰৰ চাৰাক্কালভিলাই গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৈলাশাভাদীভু আৰু মাতৃ চেলাম। সাধাৰণ কৃষকৰ পৰিয়ালত তেওঁ ডাঙৰ দীঘল হৈছিল। ভাৰতৰ মহাকাশ অভিযানত নিম্নতাপ ৰকেট ইঞ্জিনৰ উন্নয়ন সাধন কৰাৰ বাবে তেওঁক "ৰকেট মানৱ" বুলি অভিভিত কৰা হয়।
শিৱান এজন সাধাৰণ খেতিয়কৰ পুত্ৰ আছিল। তেওঁ চাৰাক্কালভিলাই গাঁৱৰ তামিল মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ কন্যাকুমাৰী জিলাৰ ভল্লনকুমাৰণভিলাইত শিক্ষা গ্ৰহণ কৰে।[4] পিছলৈ ১৯৮০ চনত শিৱান মাদ্ৰাজ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা এৰ'নেটিক্স ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম স্নাতক আছিল। ১৯৮২ চনত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰুৰ পৰা এৰস্পেচ ইঞ্জিনীয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ পৰে। ২০০৬ চনত তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ ইণ্ডিয়ান নেচনেল একাডেমী অফ ইঞ্জিনীয়াৰিং, এৰ'নটিকেল ছচাইটি অফ ইণ্ডিয়া আৰু চিষ্টেম ছচাইটি অফ ইণ্ডিয়াৰ সন্মানীয় সদস্য।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.