From Wikipedia, the free encyclopedia
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত। কৃষ্ণচূড়াক গুলমোহৰ বুলিও কোৱা হয়।[1]।
কৃষ্ণচূড়া Delonix regia | |
---|---|
কৃ্ষ্ণচূড়া ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Fabales |
পৰিয়াল: | Fabaceae |
উপপৰিয়াল: | Caesalpinioideae |
গোত্ৰ: | Caesalpinieae |
গণ: | Delonix |
প্ৰজাতি: | D. regia |
বৈজ্ঞানিক নাম | |
Delonix regia (Boj. ex Hook.) Raf. |
কৃষ্ণচূড়া গছৰ ৰঙা, কমলা, হালধীয়া ফুল আৰু উজ্জ্বল সেউজীয়া পাতে ইয়াক দৃষ্টিনন্দন কৰি তোলে। কৃষ্ণচূড়া মাদাগাস্কাৰৰ শুষ্ক পৰ্ণপাতি বৃক্ষৰ অৰণ্যত পোৱা যায়। অৰণ্যত ই বিলুপ্ত প্ৰায়। সৌন্দৰ্য বৰ্ধক গুণৰ উপৰিও এই গছ উষ্ণ জলবায়ুত ছাঁ দিবলৈ বিশেষভাবে উপযুক্ত। কৃষ্ণচূড়া উদ্ভিদ উচ্চতাত কম (সৰ্বোচ্চ ১২ মিটাৰ) হলেও ডাল-পাতেৰে ই বহু অঞ্চল আৱৰি থাকে। শুষ্ক অঞ্চলত গ্ৰীষ্মকালত কৃষ্ণচূড়াৰ পাত সৰি গলেও নাতিশীতোষ্ণ অঞ্চলত ই চিৰসেউজীয়া।
কৃষ্ণচূড়া ফুলৰ ৰং উজ্জ্বল ৰঙা। ভাৰত উপমহাদেশত বসন্ত কালত ইয়াৰ ফুল ফুলে। ফুলবোৰ চাৰিটা পাপৰি যুক্ত। পাপবোৰ প্ৰায় ৮ ছেণ্টিমিটাৰলৈ দীঘল হব পাৰে। কৃষ্ণচুড়া জটিল পত্ৰ বিশিষ্ট আৰু উজ্জ্বল সেউজীয়া। প্ৰতিটো পাত ৩০-৫০ ছেণ্টিমিটাৰ দীঘল আৰু ২০-৪০টা উপপত্ৰ বিশিষ্ট।
কৃষ্ণচূড়াৰ বাবে উষ্ণ বা প্ৰায়-উষ্ণ জলবায়ুৰ দৰকাৰ। এই বৃক্ষ শুষ্ক আৰু লৱণাক্ত অৱস্থা সহ্য কৰিব পাৰে। কেৰেবিয়ান অঞ্চল, আফ্ৰিকা, হংকং, তাইৱান, দক্ষিণ চীন, বাংলাদেশ, ভাৰত সহ বিশ্বৰ অনেক দেশত কৃষ্ণচূড়া পোৱা যায়। আমেৰিকা যুক্তৰাষ্ট্ৰত কৃষ্ণচূড়া কেৱল মাত্ৰ দক্ষিণ ফ্ল'ৰিডা, দক্ষিণ পশ্চিম ফ্ল'ৰিডা, টেক্সাচৰ ৰিঅ' গ্ৰাণ্ড উপত্যকাত পোৱা যায়।[2]
ভাৰত বৰ্ষত সাধাৰণতে এপ্ৰিল-জুন সময়ত কৃষ্ণচূড়া ফুল ফুলে। সেইদৰে পৃথিৱীৰ বিভিন্ন দেশত কৃষ্ণচূড়াৰ ফুল ফুলাৰ সময় ভিন্ন।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.