![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/as/thumb/a/ab/Krishna_Kanta_Handique_State_open_University_logo.jpg/640px-Krishna_Kanta_Handique_State_open_University_logo.jpg&w=640&q=50)
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয় / From Wikipedia, the free encyclopedia
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Krishna Kanta Handiqui State Open University) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়। অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল[1]। ২০০৫ চনৰ ৭ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপালে এই আইনক সন্মতি প্ৰদান কৰে। ডিচটেন্স এডুকেশ্বন কাউন্সিল (ইংৰাজী: Distance Education Council)য়ে ২০০৭ চনত আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন (ইংৰাজী: University Grants Commission)য়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক স্বীকৃতি দিয়ে[2]।
ক্ষিপ্ৰ তথ্য কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handiqui State Open University), মূলমন্ত্ৰ ...
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (Krishna Kanta Handiqui State Open University) | |
---|---|
मुक्त विश्वविद्यालय | |
![]() কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ মোহৰ | |
মূলমন্ত্ৰ | প্ৰতিবন্ধকতাক নেওচি শিক্ষা (Education Beyond Barriers) |
স্থাপিত | ২০০৬ |
ধৰণ | ৰাজহুৱা, মুক্ত বিশ্ববিদ্যালয় |
উপাচাৰ্য | ড॰ নৃপেন্দ্ৰ নাৰায়ণ শৰ্মা (ভাৰপ্ৰাপ্ত) |
প্ৰশাসনিক কৰ্মচাৰী | ১৫০ (প্ৰশিক্ষকৰ সৈতে) |
স্থান | গুৱাহাটী, অসম, ভাৰত |
চৌহদ | দূৰবৰ্তী / নিয়মিত / অন-লাইন |
পাঠ্যক্ৰম | ৪২ |
ভুক্তি | UGC , DEC |
ৱেবছাইট | www.kkhsou.in |
বন্ধ কৰক