From Wikipedia, the free encyclopedia
কুৱেইট (আৰৱী: دولة الكويت) পশ্চিম এছিয়াত অৱস্থিত এখন আমিৰাত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে চৌদি আৰৱ আৰু উত্তৰ পশ্চিমত ইৰাক অৱস্থিত। ইয়াৰ উত্তৰ-দক্ষিণকৈ দীঘ সৰ্বোচ্চ ২০০ কিঃমিঃ(১২০ মাইল) আৰু পূব-পশ্চিমকৈ ১৭০ কিঃমিঃ (১১০ মাইল)। কুৱেইট এক আৰৱী শব্দ, ইয়াৰ অৰ্থ হল "পানীৰ কাষৰ মহল"। প্ৰায় ৩০ লাখ জনসংখ্যাৰ এই দেশত সাংবিধানিক ৰাজতন্ত্ৰ বিৰাজমান। ইয়াৰ চৰকাৰ সংসদীয়। কুৱেইট চিটি দেশ খনৰ আৰ্থিক আৰু ৰাজনৈতিক ৰাজধানী। কুৱেইটত কেইবাটাও দ্বীপ অন্তৰ্ভুক্ত। তাৰে ভিতৰত ইৰাকৰ সীমাত থকা বুমিয়ান দ্বীপ সৰ্ববৃহৎ।
কুৱেইট دولة الكويت দাওলাত আল-কুৱেইট |
||||||
---|---|---|---|---|---|---|
|
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "আল-নশীদ আল-ওয়াতানি" "জাতীয় সংগীত" |
||||||
![]() |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | কুৱেইট চিটি 29°22′N 47°58′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | আৰৱী ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | কুৱেইটি | |||||
চৰকাৰ | সংবিধানিক ৰাজতন্ত্ৰ আমিৰাত[1] | |||||
- | আমিৰ | চাবাহ আল-আহমাদ আল-জাবেৰ আল-চাবাহ | ||||
- | প্ৰধানমন্ত্ৰী | জাবেৰ আল-মোবাৰক আল-হামাদ আল-চাবাহ | ||||
স্বাধীনতা | ||||||
- | যুক্তৰাষ্ট্ৰৰ পৰা | ১৯ জুন , ১৯৬১ | ||||
মাটিকালি | ||||||
- | মুঠ | ১৭,৮১৮ বৰ্গ কিমি (১৫৭ তম) ৬,৮৮০ বৰ্গ মাইল |
||||
- | জলভাগ (%) | নগণ্য | ||||
জনসংখ্যা | ||||||
- | ২০০৬ আনুমানিক | ৩১,০০,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' (n/a) | ||||
জিডিপি (পিপিপি) | ২০০৫ আনুমানিক | |||||
- | মুঠ | $৮৮.৭ বিলিয়ন (n/a) | ||||
- | জনমুৰি | $২৯,৫৬৬ (n/a) | ||||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৮৭১ (উচ্চ) (৩৩ম) | |||||
মুদ্ৰা | কুৱেইটি ডিনাৰ (KWD ) |
|||||
সময় অঞ্চল | AST (ইউটিচি+৩) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (পালন কৰা নহয়) (ইউটিচি+৩) | ||||
ইণ্টাৰনেট টিএলডি | .kw | |||||
কলিং ক'ড | +৯৬৫ |
১৯৯০ চনত ইৰাকে কুৱেইটৰ লগত যুদ্ধ কৰি নিজৰ অধীনত আনিছিল। সাত মাহ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ দ্বাৰা কুৱেইট মুক্ত হয়। ঘূৰি যোৱা ইৰাকী সৈন্য সকলে প্ৰায় ৭৫০টা তেলৰ পুং জ্বলাই দিয়ে। ইয়াৰ ফলত আৰ্থিক ক্ষতিৰ লগতে পৰিৱেশৰো বিস্তৰ ক্ষতি সাধন হয়। এই যুদ্ধত কুৱেইটৰ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি সাধন হয় আৰু ইয়াক পুনৰ নিৰ্মাণ কৰিবলগীয়া হয়।
খাৰুৱা তেলৰ সঞ্চিত ভাণ্ডাৰৰ ভিতৰত কুৱেইট বিশ্বৰ ভিতৰতে পঞ্চম। সেইদৰে জনমূৰী আয়ৰ হিচাপত ই বিশ্বৰ একাদশ স্থানৰ ধনী দেশ। কুৱেইটত তেলৰ সন্ধান আৰু শোধনৰ প্ৰক্ৰিয়া ১৯৩০ চনৰ পৰা আৰম্ভ কৰা হৈছিল। ১৯৬১ চনত যুক্তৰাষ্ট্ৰৰ পৰা স্বাধীন হোৱাৰ পিছৰে পৰা এই ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশ খনৰ ৯৫ শতাংশ ৰপ্তানি আৰু ৮০ শতাংশ চৰকাৰী ৰাজস্ব তেল আৰু তেলৰ পৰা উৎপাদিত বস্তুৰ পৰায়ে আহে।
কুৱেইট এখন সাংবিধানিক অৰ্ধ গণতান্ত্ৰিক আমিৰাত।[2][3][4][5] আমিৰ কুৱেইটৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধান। এই সংকৰ ৰাজনৈতিক তন্ত্ৰ নিৰ্বাচিত সাংসদ আৰু চৰকাৰৰ দ্বাৰা নিয়োজিত বিষয়া সকলৰ দ্বাৰা পৰিচালিত হয়।[6][7]
কুৱেইটৰ সংবিধান ১৯৬২ চনত গৃহীত কৰা হৈছিল। কুৱেইট মধ্য প্ৰাচ্যৰ ৰাষ্ট্ৰ সমূহৰ ভিতৰত নাগৰিকৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰৰ আটাইতকৈ বেছি মুক্ত ৰাষ্ট্ৰ।[8][2][9] ফ্ৰীদম হাউচ নামৰ সংস্থায়ে ফ্ৰীদম ইন দা ৱৰ্ল্ড জৰীপ মতে কুৱেইটক পাৰ্টলি ফ্ৰী বা অৰ্ধ মুক্ত বুলি চিহ্নিত কৰিছে।[10]
কুৱেইট ছয়খন প্ৰশাসনীয় অঞ্চলত বিভক্ত। এই অঞ্চল সমূহ আকৌ জিলাৰে ভাগ কৰা হৈছে।
আদৰ্শ আৰৱী ভাষা কুৱেইটৰ চৰকাৰী ভাষা। আদৰ্শ আৰৱী ভাষা ধ্ৰুপদী আৰৱী ভাষাৰ এটি আধুনিকায়িত ৰূপ। ধৰ্মীয় আচাৰ অনুষ্ঠানত এতিয়াও ধ্ৰুপদী আৰৱী ভাষা ব্যৱহৃত হয়। অন্যান্য সমস্ত আনুষ্ঠানিক কামকাজ, শিক্ষা আৰু গণমাধ্যমত আদৰ্শ আৰৱী ভাষা ব্যৱহৃত হয়। কুৱেইটৰ জনগণৰ প্ৰায় ৮৫% লোকে মৌখিক আদান-প্ৰদানৰ বাবে উপসাগৰীয় আৰৱী ভাষা ব্যৱহাৰ কৰে। বিদেশী ভাষা হিচাপে ইংৰাজী ভাষা বহুলভাবে প্ৰচলিত। ইংৰাজীত ৰেডিঅ টিভিৰ অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়।
Seamless Wikipedia browsing. On steroids.