কুৱালালামপুৰ
ফেডাৰেল টেৰিটৰী আৰু মালয়েছিয়াৰ ৰাজধানী চহৰ / From Wikipedia, the free encyclopedia
কুৱালালামপুৰ (ইংৰাজী: Kuala Lumpur; /ˈkwɑːləˈlʊmpʊər/ বা /-pər/),[4] চৰকাৰী নাম ফেডাৰেল টেৰিটৰী অৱ কুৱালা লামপুৰ, হৈছে মালয়েছিয়াৰ ৰাষ্ট্ৰীয় ৰাজধানী তথা ইয়াৰ সৰ্ববৃহৎ নগৰ। নগৰখনৰ মাটিকালি প্ৰায় 243 বৰ্গ কি.মি. (94 বৰ্গ মাইল) আৰু ২০১৫ চনৰ আনুমানিক জনসংখ্যা হৈছে ১.৭ নিযুত।[5] ক্লাং উপত্যাকা নামেৰেও জনাজাত গ্ৰেটাৰ কুয়ালা লামপুৰ হৈছে এক সামূহিক নগৰ। ২০১৩ চনত ইয়াৰ জনসংখ্যা আছিল ৭.২ নিযুত। জনসংখ্যা আৰু অৰ্থনৈতিক দিশৰ পৰা ই হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন দ্ৰুত বিকাশশীল মহানগৰীয় অঞ্চল।
কুৱালালামপুৰ | |||
---|---|---|---|
— ফেডাৰেল টেৰিটৰী আৰু নগৰ — | |||
ফেডাৰেল টেৰিটৰী অৱ কুৱালালামপুৰ ৱিলায়াহ পাৰ্ছেকুটুন কুৱালা লামপুৰ জাৱী: ولايه ڤرسكوتوان کوالا لومڤور |
|||
অন্যান্য transcription(s) | |||
• মালয় | কুৱালা লামপুৰ | ||
• জাৱী | کوالا لومڤور | ||
• চীনা | 吉隆坡 | ||
• তামিল | கோலாலம்பூர் | ||
KL Composite2.jpgশীৰ্ষৰ বাঁওফালৰ পৰা ঘড়ীৰ কাঁটাৰ দিশত ক্ৰমে: পেট্ৰ’নছ টুইন টাৱাৰছ, পেটালিং ষ্ট্ৰীট, জামেক মঠ আৰু গোম্বাক/ক্লাং নদীৰ সংগম, নেচনেল মনুমেণ্ট, নেচনেল মস্ক অৱ মালয়েছিয়া, স্কাইলাইন অৱ কেএল. চেণ্টাৰ: কেএল টাৱাৰ | |||
|
|||
অন্য নাম: কেএল, গাৰ্ডেন চিটি অৱ লাইটছ | |||
নীতি বাক্য: মাজু ডান মাকমুৰ (অসমীয়া: উন্নতি আৰু সমৃদ্ধি) |
|||
মালয়েছিয়াৰ মেপত কুৱালালামপুৰ | |||
ভৌগোলিক স্থানাংক: 3°8′N 101°41′E | |||
ৰাষ্ট্ৰ | মালয়েছিয়া | ||
প্ৰশাসনিক অঞ্চলসমূহ | তালিকা
|
||
প্ৰতিস্থা | ১৮৫৯[1] | ||
নগৰ হিচাপে | ১ ফেব্ৰুৱাৰী ১৯৭২ | ||
ফেডাৰেল টেৰিটৰী হিচাপে | ১ ফেব্ৰুৱাৰী ১৯৭৪ | ||
চৰকাৰ | |||
- মেয়ৰ (ডাটুক বান্দাৰ) | মঃ আমিন নুৰদিন আব্দুল আজিজ | ||
মাটিকালি | |||
- ফেডাৰেল টেৰিটৰী আৰু নগৰ | ২৪৩ কি.মি.২ (৯৩.৮ বৰ্গ মিটাৰ) |
||
- মহানগৰ | ২,২৪৩.২৭ কি.মি.২ (৮৬৬.১ বৰ্গ মাইল) |
||
উচ্চতা[2] | ৬৬ মিটাৰ (২১৬.৫৪ ফুট) | ||
জনসংখ্যা (২০১৫)[3] | |||
- ফেডাৰেল টেৰিটৰী আৰু নগৰ | ১৭,৬৮,০০০ (প্ৰথম) জন | ||
- জনঘনত্ব | ৬,৮৯১ প্ৰতি বৰ্গ কি.মি. (১৭,৩১০ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ৭২,০০,০০০'"`UNIQ--ref-০০০০০০০১-QINU`"' জন | ||
- মহানগৰৰ জনঘনত্ব | ৬,৫৮১ প্ৰতি বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" প্ৰতি বৰ্গ মাইল) |
||
- জাতীয়তা | কেএল-আইট /কুআলা লামপুৰিয়ান জন | ||
মানৱ উন্নয়ন সুচাংক | |||
- HDI (২০১০) | ০.৭৯৫ (উচ্চ) (২য়) | ||
সময় অঞ্চল | এমএছটি (গ্ৰী.মা.স.+৮) | ||
ডাক নম্বৰ | ৫০০০০ৰ পৰা ৬০০০০ | ||
মান সৌৰ সময় | ইউটিচি + ০৬:৪৬:৪৮ | ||
দূৰভাষৰ ক'ড | ০৩ | ||
যান-বাহনৰ পঞ্জীয়ন | V আৰু W (ভাড়া গাড়ীৰ বাহিৰে অন্য সকলো বাহন) HW (কেৱল ভাড়া গাড়ীৰ বাবে) |
||
ISO 3166-2 | MY-14 | ||
ৱেবছাইট | www |
কুৱালালামপুৰ হৈছে মালয়েছিয়া সংসদৰ এক আসন। এসময়ত নগৰখন ফেডাৰেল চৰকাৰৰ কাৰ্যকৰী আৰু ন্যায়িক শাখা আছিল, কিন্তু ১৯৯৯ চনৰ আদিতে শাখাসমূহ পুত্ৰজয়লৈ স্থানান্তৰ কৰা হয়।[6] ৰাজধানী চহৰ কুৱালা লামপুৰত এতিয়াও কিছু উপবিভাগ আছে। মালয়েছিয়াৰ ৰজাৰ চৰকাৰী আৱাস, ইষ্টানা নেগাৰাও কুআলা লামপুৰতেই আছে। আলফা ৱৰ্ল্ড চিটি হিচাপে বিবেচিত কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু বিত্তীয় কেন্দ্ৰস্বৰূপ।
কুৱালা লামপুৰ হৈছে মালয়েছিয়াৰ তিনিখন ফেডাৰেল টেৰিটৰীৰ ভিতৰত এখন,[7] ইয়াৰ পৰিক্ষেত্ৰ মালয়েছিয়া উপদ্বীপৰ মধ্য পশ্চিম সমুদ্ৰতীৰত থকা ছেলাংগৰ ৰাষ্ট্ৰৰ ভিতৰত।[8] ১৯৯০ চনৰে পৰা নগৰখনত বহুতো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া, ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত হৈ আহিছে। ১৯৯৮ চনত কমনৱেলথ গেইমছ আৰু ফৰ্মূলা ৱান গ্ৰাণ্ড প্ৰিক্স ইয়াতেই অনুষ্ঠিত হৈছিল। ইয়াৰোপৰি মালয়েছিয়াৰ গৌৰৱ তথা উন্নয়নৰ প্ৰতীক, বিশ্বৰ আটাইতকৈ ওখ যমজ অট্টালিকা, দ্য পেট্ৰ'নাছ টুইন টাৱাৰছ ইয়াতেই আছে।