![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/11/Kumarajiva_at_Kizil_Caves%252C_Kuqa.jpg/640px-Kumarajiva_at_Kizil_Caves%252C_Kuqa.jpg&w=640&q=50)
কুমাৰজীৱ
From Wikipedia, the free encyclopedia
কুমাৰজীৱ (৩৩৪-৪১৩ খ্ৰীষ্টাব্দ)[1] কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনৰ মধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে।
ক্ষিপ্ৰ তথ্য কুমাৰজীৱ, জন্ম ...
কুমাৰজীৱ | |
---|---|
![]() চীনৰ জিনজিয়াং অঞ্চলৰ কিজিল গুহাৰ সম্মুখত কুমাৰজীৱৰ মূৰ্তি | |
জন্ম | ৩৩৪ খ্ৰীষ্টাব্দ কুচা ৰাজ্য |
মৃত্যু | ৪১৩ খ্ৰীষ্টাব্দ চাং'আন, চীন |
পেচা | বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক |
জনা যায় | সংস্কৃতৰ পৰা চীনা ভাষালৈ বৌদ্ধ সাহিত্যৰ অনুবাদ |
ধৰ্ম | বৌদ্ধ ধৰ্ম |
বন্ধ কৰক
কুমাৰজীৱ ষোল ৰাজ্যৰ যুগত চাং'আন অঞ্চলত বসবাস কৰে আৰু সেই সময়ত তেওঁ অসংখ্য বৌদ্ধ শাস্ত্ৰ সংস্কৃতৰ পৰা চীনা ভাষালৈ অনুবাদ কৰে।