কুন্তী
From Wikipedia, the free encyclopedia
মহাভাৰতৰ আখ্যানমতে কুন্তী (সংস্কৃত: कुन्ती ) বা পৃথ্বা মথুৰাৰৰ যাদৱবংশীয় ৰজা শূৰসেনৰ কন্যা,[1] আৰু ৰজা কুন্তীভোজৰ তোলনীয়া কন্যা।[2] তেওঁ বাসুদেৱৰ ভনীয়েক আছিল। হস্তিনাপুৰৰ ৰজা পাণ্ডুলৈ তেওঁৰ বিয়া হৈছিল[3] আৰু কৰ্ণৰ লগতে প্ৰথম তিনিজন পাণ্ডৱৰ মাতৃ হৈছিল।[4] সম্পৰ্কত তেওঁ কৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ পেহীয়েক। নকুল আৰু সহদেৱকো তুলি-তালি ডাঙৰ কৰিছিল। কুন্তীক মহাভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে গণ্য কৰা হয়।