কুকুৰৰ মাংস
From Wikipedia, the free encyclopedia
কুকুৰৰ মাংস হৈছে কুকুৰৰ পৰা পোৱা মাংস৷ ঐতিহাসিকভাৱে বিশ্বৰ বহু ঠাইত কুকুৰৰ মাংস খোৱাৰ বিষয়ে জানিব পৰা যায়। [1] একবিংশ শতিকাত চীন [2], দক্ষিণ কোৰিয়া, [3] ভিয়েটনাম, আৰু নাইজেৰিয়াত কুকুৰৰ মাংস খোৱা হয় আৰু বিশ্বৰ আন কিছুমান দেশতো ইয়াৰ সেৱন বৈধ। কিছুমান স্থানীয় সংস্কৃতিয়ে কুকুৰৰ মাংস খোৱাটোক তেওঁলোকৰ পৰম্পৰাগত, প্ৰথাগত বা দৈনন্দিন খাদ্য হিচাপে গণ্য কৰে আৰু আন কিছুমান সংস্কৃতিত কুকুৰৰ মাংস খোৱাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। ২০১৪ চনৰ এক হিচাপ অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মানুহে ২.৫ কোটি কুকুৰ খায়। [4]