কিমিগায়'
From Wikipedia, the free encyclopedia
কিমিগায়' (জাপানী ভাষাত: 君が代|君が代, জাপানী উচ্চাৰণ: [kimiɡajo], "তেওঁৰ ঔপনিৱেশিক মহিমাৰ ৰাজত্ব") জাপানৰ জাতীয় সংগীত। কিমিগায়'ৰ কথা সম্ভৱতঃ বিশ্বৰ ভিতৰতেই পুৰণি। ৩২টা আখৰ থকা এই জাতীয় সংগীত বিশ্বৰ ভিতৰতেই আতাইতকৈ চুটি জাতীয় সংগীতো হয়। এই গীতৰ কথা এটি ৱাকা কবিতা, যি কোনো অজ্ঞাত কবিয়ে জাপানৰ ইতিহাসৰ ৭৮৪ চনৰ পৰা ১১৮৫ চনলৈকে থকা হেইয়ান কালত ৰচনা কৰিছিল।[1] বৰ্তমানে ব্যৱহৃত সুৰ ১৮৮০ চনত চয়ন কৰা হৈছিল। এই সুৰে, ১৬৬৯ চনত জন ৱিলিয়াম ফেণ্টনে দিয়া সুৰৰ স্থান গ্ৰহণ কৰিলে। ফেণ্টনে দিয়া এই পূৰ্বৰ সুৰ একেবাৰেই জনপ্ৰিয় নাছিল। এই গীতৰ ১১ মাত্ৰাৰ দৈৰ্ঘ্য বৰ্তমানে বিশ্বৰ সকলো জাতীয় সংগীততকৈ চুটি। যদিও কিমিগায়'ক অসমীয়া ভাষালৈ "তেওঁৰ ঔপনিৱেশিক মহিমাৰ ৰাজত্ব" হিচাপে অনুবাদ কৰিব পৰা যায়, আনুষ্ঠানিকভাৱে জাপানী ভাষাৰ বাহিৰে আন কোনো ভাষাৰ সংস্কৰণ আইন মতে উপলব্ধ নহয়।[2]
"কিমিগায়'" | |
জাপানৰ জাতীয় সংগীত | |
গীতিকাৰ | ৱাকা কবিতা, হেইয়ান কাল (৭৯৪–১১৮৫) |
---|---|
সুৰকাৰ | য়'শ্বিচা অ'কু and আকিম'ৰি আয়াশ্বি ([[ফ্ৰাঞ্চ একাৰ্ট]]ট্ৰ দ্বাৰা আয়োজিত), (১৮৮০) |
গ্ৰহণৰ তাৰিখ | ১৮৬৯ (সুৰ) ১৮৭০ (কথা) ৩ নৱেম্বৰ ১৮৮০ (সুৰ) |
সংগীতৰ নমুনা | |
১৮৮৮ চনৰ পৰা ১৯৪৫ চনলৈকে এই গীত আছিল জাপান সাম্ৰাজ্যৰ জাতীয় সংগীত। এই সাম্ৰাজ্যৰ অন্ত ঘটিছিল দ্বিতীয় বিশ্ব যুদ্ধত পৰাজয়ৰ পাছত। ১৯৪৫ চনত জাপান ৰাজ্যৰ গঠন হ'ল। জাপান ৰাজ্যত জাপানী সম্ৰাটৰ কোনো ৰাজনৈতিক শক্তি নাই। মেইজি কালৰ অৰ্ধ-সৰ্বগ্ৰাসী আৰু ৰাজ্যবাদী ব্যসস্থাৰ অৱসান ঘটাই নতুন সংবিধানে এক সাংবিধানিক-ৰাজতন্ত্ৰ আৰু সংসদীয় গণতন্ত্ৰ প্ৰৱৰ্তন কৰিলে। পিচে, সম্ৰাট হিৰ'হিট'ক তৎস্বত্বেও ঔপচাৰিকভাৱে জাপানৰ শাসক হৈ থকাৰ অনুমতি প্ৰদান কৰা হ'ল। এই জাপান ৰাজ্যত ১৯৯৯ চনলৈকে কিমিগায়' অনানুষ্ঠানিকভাৱেহে জাতীয় সংগীত আছিল। কিন্তু ১৯৯৯ চনৰ জাতীয় পতকা আৰু সংগীত আইনে কিমিগায়'ক আনুষ্ঠানিকভাৱে জাতীয় আৰু ঔপনিৱেশিক সংগীতৰ দৰ্জা প্ৰদান কৰিলে।