![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/26/Bisexuality_symbol_%2528bold%252C_color%2529.svg/langas-640px-Bisexuality_symbol_%2528bold%252C_color%2529.svg.png&w=640&q=50)
কিনছে স্কেল
From Wikipedia, the free encyclopedia
কিনছে স্কেলক; বিপৰীতকামী-সমকামী নিৰ্ধাৰণৰ স্কেল বুলিও কোৱা হয়।[1] এজন মানুহৰ অভিজ্ঞতা অথবা প্ৰতিক্ৰিয়াৰ ওপৰত ভিত্তি কৰি যৌন অভিমুখিতা ব্যাখ্যা সংক্ৰান্ত গৱেষণাত ইয়াৰ ব্যৱহাৰ হয়। এই স্কেলত ০-ৰ পৰা ৬ পৰ্যন্ত মাপ থাকে। ০ মানে হৈছে, সম্পূৰ্ণভাৱে বিপৰীতকামী, আৰু ৬ মানে হৈছে, সম্পূৰ্ণভাৱে সমকামী। ইয়াৰোপৰি "এক্স" নামক আৰু এটা দাগ যুক্ত কৰা হয়; যাৰ অৰ্থ হৈছে "কোনো যৌন সম্পৰ্ক নথকা।" এই প্ৰতিবেদনসমূহ প্ৰথমে আলফ্ৰেড কিনছে, ৱাৰ্ডেল পমেৰয় আৰু অন্যান্যই চেক্সুৱেল বিহেভিয়াৰ ইন দ্য হিউমেন মেল (১৯৪৮)[2] ত প্ৰকাশ কৰিছিল আৰু ইয়াৰ পৰিপূৰক গ্ৰন্থ চেক্সুৱেল বিহেভিয়াৰ ইন দ্য হিউমেন ফিমেল (১৯৫৩)তো ইয়াৰ বিশিষ্টতা প্ৰকাশ হৈছিল।[1]
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/6f/Kinsey_Scale.svg/langas-640px-Kinsey_Scale.svg.png)