ভাৰতীয় সোঁৱৰণী দিৱস From Wikipedia, the free encyclopedia
কাৰ্গিল বিজয় দিৱস প্ৰতিবছৰে ২৬ জুলাই তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ এই তাৰিখত ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকিসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল। কাৰ্গিল যুদ্ধ ৬০ দিনতকৈও অধিক সময় ধৰি চলিছিল আৰু ১৯৯৯ চনৰ ২৬ জুলাইত সমাপ্ত হৈছিল। পাকিস্তানী সেনাই গলি যোৱা বৰফৰ সুযোগ লৈ শীতকালত উক্ত পদটোত উপস্থিত থকা নহ'ব বুলি দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক বুজাবুজিৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল আৰু ভাৰতৰ উচ্চ চৌকিসমূহ অধিগ্ৰহণ কৰিছিল। পাকিস্তানী সেনাই যুদ্ধত জড়িত থকাৰ কথা অস্বীকাৰ কৰি দাবী কৰে যে এয়া স্বাধীন কাশ্মীৰী বিদ্ৰোহী বাহিনীৰ দ্বাৰা হে সংঘটিত হৈছিল, অৱশ্যে হতাহতৰ দ্বাৰা এৰি যোৱা নথিপত্ৰ আৰু পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনা প্ৰধানৰ বিবৃতিত জেনেৰেল আশ্ৰাফ ৰছিদৰ নেতৃত্বত পাকিস্তানী অৰ্ধসামৰিক বাহিনী জড়িত থকা বুলি প্ৰমাণিত হয়।[1][2] কাৰ্গিল যুদ্ধৰ ফলত দুয়োপক্ষৰ সেনাৰ প্ৰাণ হানি হয় আৰু ভাৰতে এই পদৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰি পাকিস্তানী সেনাক উক্ত অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হোৱাত যুদ্ধৰ সমাপ্তি ঘটে।
কাৰ্গিল যুদ্ধৰ নায়কসকলৰ সন্মানত প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। এই দিৱস কাৰ্গিল খণ্ড আৰু ৰাজধানী নতুন দিল্লীত পালন কৰা হয়, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিত সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। [3] সশস্ত্ৰ বাহিনীৰ অৱদানক স্মৰণ কৰিবলৈ সমগ্ৰ দেশতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। [4][5]
১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত, দুয়োখন চুবুৰীয়া দেশৰ সামৰিক বাহিনীৰ সৈতে তুলনামূলকভাৱে দীঘলীয়া সময় ধৰি লঘু প্ৰত্যক্ষ সশস্ত্ৰ সংঘৰ্ষ চলি থাকে। চাৰিওফালৰ পৰ্বতৰ ৰিজত সামৰিক চৌকি স্থাপন কৰি চিয়াচেন হিমবাহ নিয়ন্ত্ৰণ ৰখাৰ বাবে কোনো এখন ৰাষ্ট্ৰয়েই চেষ্টা কৰা নাছিল। ইয়াৰ ফলত ১৯৮০ ৰ দশকত সামৰিক সংঘৰ্ষৰ সৃষ্টি হয়। অৱশ্যে, ১৯৯০ ৰ দশকত কাশ্মীৰত বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ ফলত উত্তেজনা আৰু সংঘাত বৃদ্ধি পোৱাৰ লগতে ১৯৯৮ চনত দুয়োখন দেশৰ দ্বাৰা পাৰমাণৱিক পৰীক্ষা চলাৰ ফলত ক্ৰমান্বয়ে যুঁজাৰু পৰিৱেশৰ সৃষ্টি হয়। [6]
পৰিস্থিতি নিষ্ক্ৰিয় কৰাৰ প্ৰচেষ্টাত, দুয়োখন দেশে ১৯৯৯ চনৰ ফেব্ৰুৱাৰীত লাহোৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰে আৰু কাশ্মীৰ সংঘাতৰ শান্তিপূৰ্ণ আৰু দ্বিপাক্ষিক সমাধান প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ১৯৯৮-১৯৯৯ চনৰ শীতকালত, পাকিস্তানী সশস্ত্ৰ বাহিনীৰ কিছুমান গোটে গোপনে পাকিস্তানী সৈন্য আৰু অৰ্ধসামৰিক বাহিনীক ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ফালে থকা অঞ্চলত প্ৰশিক্ষণ আৰম্ভ কৰাৰ লগতে সৈন্য প্ৰেৰণ কৰি আছিল। এই অনুপ্ৰৱেশক "অপাৰেচন বদ্ৰী" নামৰ কোডেৰে চিহ্নিত কৰা হৈছিল। পাকিস্তানী অনুপ্ৰৱেশৰ উদ্দেশ্য আছিল কাশ্মীৰ আৰু লাডাখৰ মাজৰ সম্পৰ্ক ছিন্ন কৰা আৰু ভাৰতীয় বাহিনীক চিয়াচেন হিমবাহৰ পৰা প্ৰত্যাহাৰ কৰা আৰু এনেদৰে ভাৰতক সীমান্ত কাশ্মীৰ বিবাদৰ নিষ্পত্তিৰ বাবে আলোচনা কৰিবলৈ বাধ্য কৰা। পাকিস্তানে লগতে বিশ্বাস কৰিছিল যে অঞ্চলটোৰ যিকোনো উত্তেজনাই কাশ্মীৰ সমস্যাক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিব, যাৰ ফলত দ্ৰুত সমাধান সুৰক্ষিত কৰাত ই সহায়ক হ'ব। ইয়াৰোপৰি ভাৰতৰ কাশ্মীৰত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি দশকজোৰা বিদ্ৰোহৰ মনোবল বৃদ্ধি কৰাও আন এক লক্ষ হ'বপাৰে বুলি ধাৰণা কৰা হয়।
আৰম্ভণিতে, অনুপ্ৰৱেশৰ প্ৰকৃতি বা পৰিসৰৰ বিষয়ে কম সচেতনতাৰ বাবে, অঞ্চলটোৰ ভাৰতীয় সৈন্যই অনুপ্ৰৱেশকাৰীসকল জেহাদী বুলি ধাৰণা কৰিছিল আৰু ঘোষণা কৰিছিল যে তেওঁলোকে কেইদিনমানৰ ভিতৰতে এইসকলক উচ্ছেদ কৰিব। পৰৱৰ্তী সময়ত এলঅ'চিৰ কাষৰ আন ঠাইতো অনুপ্ৰৱেশ সম্পৰ্কে জ্ঞাত হোৱাত আৰু অনুপ্ৰৱেশকাৰীসকলে ব্যৱহাৰ কৰা কৌশল ভাৰতীয় সেনাই উপলব্ধি কৰাত ভাৰতীয় সেনাই অনুমান কৰিব পাৰিছিল যে আক্ৰমণৰ পৰিকল্পনা যথেষ্ট বৃহৎ আছিল। প্ৰৱেশৰ বাবে জব্দ কৰা মুঠ এলেকা সাধাৰণতে ১৩৯ কিমি²-২০০ কিমি² ভিতৰত গ্ৰহণযোগ্য বুলি ধৰা হয়।
ভাৰত চৰকাৰে অপাৰেচন বিজয়ৰ সৈতে সঁহাৰি জনাই, ২০০,০০০ ভাৰতীয় সৈন্যৰ এক বৃহৎ বাহিনী সাজু কৰে। ১৯ চনৰ ২৬ জুলাইত যুদ্ধৰ আনুষ্ঠানিক সমাপ্তি ঘটে, আৰু এনেদৰে ইয়াক কাৰ্গিল বিজয় দিৱস হিচাপে চিহ্নিত কৰা হয়।
যুদ্ধৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ৫২৭জন সৈন্যই প্ৰাণ হেৰুৱাইছিল। [7]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.