From Wikipedia, the free encyclopedia
কালাম ছেট পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ আৰু পাতল কৃত্ৰিম উপগ্ৰহ, ইয়াৰ নামকৰণ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক এ পি জে আব্দুল কালামৰ নামত কৰা হৈছে। ই পৃথিৱীৰ প্ৰথম থ্ৰি-ডি প্ৰিণ্টাৰৰ পৰা তৈয়াৰ কৰা উপগ্ৰহ। ইয়াৰ ওজন ৬৪ গ্ৰাম। আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা ৱালেপ্স মহাকাশ কেন্দ্ৰৰ পৰা এছ.আৰ.-৪ ৰকেটৰ মাধ্যমত কালাম ছেটক উৎক্ষেপণ কৰা হৈছে।[1][2][3][4][5][6][7][8]
মূলতঃ এই উপগ্ৰহটো তামিলনাডুৰ কৰুল জিলাৰ পল্লাপটিৰ মহম্মদ ৰফিক শাহৰুখ আৰু তেওঁৰ দলে নিৰ্মান কৰি উলিয়াইছে। নাছা আৰু ডুডল লাৰ্নিং নামৰ অনুষ্ঠানে অনুস্থিত কৰা কিউব ইন স্পেছ নামৰ এক প্ৰতিযোগিতাত অংশ লোৱা ৫৭ খন দেশৰ ৮৬ হেজাৰ ডিজাইনৰ পৰা এই উপগ্ৰহটোক নিৰ্বাচন কৰা হৈছে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.