কাছাক্ নৃত্য
ইণ্ডোনেছীয় পৰম্পৰাগত নৃত্য / From Wikipedia, the free encyclopedia
কাছাক্, ইণ্ডোনেছিয়ান ভাষাত Tari kecak নামেৰে জনাজাত, বালিৰ হিন্দু নৃত্য আৰু সংগীত নাটকৰ এটা প্ৰকাৰ, যি ১৯৩০ চনত ইণ্ডোনেছিয়াৰ বালিত বিকশিত হৈছিল। সৃষ্টিৰ পিছৰে পৰা ইয়াক প্ৰধানকৈ পুৰুষে পৰিবেশন কৰি আহিছিল, ২০০৬ চনত প্ৰথম মহিলা কাছাক্ গোট আৰম্ভ হয়।[1] ৰামায়ণৰ কাহিনীৰ আধাৰত নিৰ্মিত এই নৃত্য পৰম্পৰাগতভাৱে সমগ্ৰ বালিৰ মন্দিৰ আৰু গাঁৱত পৰিৱেশন কৰা হয়।[2]
ক্ষিপ্ৰ তথ্য কাছাক্, স্থানীয় নাম ...
কাছাক্ | |
---|---|
উলুৱাটুৰ কাছাক্ নৃত্যশিল্পী | |
স্থানীয় নাম | Tari Kecak (Indonesian) |
শৈলী | পৰম্পৰাগত নৃত্য |
বাদ্যযন্ত্ৰ | গামলন, গং, কেনধাং |
উৎপত্তিমূল | ইণ্ডোনেছিয়া |
বন্ধ কৰক
ৰামায়ণ বানৰ জপ বুলিও জনাজাত এই নৃত্যটো কঁকালত চেক থকা কাপোৰ পিন্ধি ১৫০ জনীয়া এটি দলে বৃত্তাকাৰে বহি মুখেৰে চক শব্দ জপ কৰি হাত আৰু বাহু সঞ্চালন কৰে। এই অভিনয়ত ৰামায়ণৰ এখন যুদ্ধৰ চিত্ৰণ কৰা হৈছে, য’ত হনুমানৰ নেতৃত্বত বানৰ সেনাসকলে ৰাজকুমাৰ ৰামক দুষ্ট ৰজা ৰাৱণৰ সৈতে যুঁজিবলৈ সহায় কৰে। কাছাকৰ মূল সংঘ্যাং নামৰ এটা নৃত্যৰ পৰা উদ্বুদ্ধ।[3]