কহিনুৰ থিয়েটাৰ
From Wikipedia, the free encyclopedia
কহিনুৰ থিয়েটাৰ হৈছে অসমৰ এক জনপ্ৰিয় ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী। ১৯৭৬ চনত ৰতন লহকৰ দেৱৰ প্ৰচেষ্টাত এই থিয়েটাৰৰ জন্ম হয়। তেখেতে বহুতো ভাৰতীয়, অসমীয়া সাহিত্যৰ নাটকৰ উপৰিও উইলিয়াম শ্বেইকছপীয়েৰৰ বিখ্যাৎ নাটকো কহিনুৰ থিয়েটাৰৰ মজিয়াত মঞ্চস্থ কৰিছে। ইয়াৰোপৰি হলিউডৰ বিখ্যাৎ চলচ্চিত্ৰ টাইটানিক ক নাট্য ৰূপ দি তেওঁ কহিনুৰ থিয়েটাৰত মঞ্চস্থ কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাসত খলকনিৰ সৃষ্টি কৰে।
ক্ষিপ্ৰ তথ্য কহিনুৰ থিয়েটাৰ, চহৰ ...
কহিনুৰ থিয়েটাৰ | |
---|---|
চহৰ | পাঠশালা, অসম |
দেশ | ভাৰত |
স্বতাধিকাৰী | ৰতন লহকৰ |
প্ৰকাৰ | ভ্ৰাম্যমাণ থিয়েটাৰ |
প্ৰাৰম্ভ | ১৯৭৬ চন |
বন্ধ কৰক
কহিনুৰ থিয়েটাৰ অসমৰ একমাত্ৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী যিয়ে অসমৰ বাহিৰতো নাট প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ (National School of Drama) নিমন্ত্ৰণ অনুসৰি তিনি দিনৰ বাবে ২০১০ চনৰ ২৫ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ নতুন দিল্লীত থিয়েটাৰ দলটোৱে নাট প্ৰদৰ্শন কৰিছিল।[1]