কলিতা জনগোষ্ঠী
কলিতা জনগোষ্ঠী / From Wikipedia, the free encyclopedia
ওড়িশাৰ কুইলতা সকলৰ বাবে, কুইলতা চাওক।
কলিতা (ইংৰাজী: Kalita) হৈছে উত্তৰ-পূব ভাৰতৰ অসমৰ এটা হিন্দু জনগোষ্ঠী বা জাতি।[1] কলিতাসকল সাধাৰণ বা অসংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত।[2] কলিতা জনগোষ্ঠীটোক - এফালে কেওঁট আৰু আনফালে গণক আৰু ব্ৰাহ্মণৰ মাজৰ এটা জনগোষ্ঠী বুলি অসমীয়া সমাজত মান্যতা প্ৰদান কৰা হয়।[3][4] এছ.এল.বৰুৱাৰ দৰে বুৰঞ্জীবিদৰ মতে, ১১ শতিকাৰ ধৰ্মপালৰ শাসনকালত কলিতাসকলে উত্তৰ আৰু পূব ভাৰতৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল বুলি ধাৰণা কৰা হয়।[5]
![]() | এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|