![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/0/07/Plant_cell_type_sclerenchyma_fibers.png/640px-Plant_cell_type_sclerenchyma_fibers.png&w=640&q=50)
কলা (জীৱবিজ্ঞান)
From Wikipedia, the free encyclopedia
জীৱবিজ্ঞানত কলা হৈছে নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টি। কলাক প্ৰায়ে একে ভ্ৰূণৰ উৎপত্তিৰ একে ধৰণৰ কোষ আৰু ইয়াৰ বহিঃকোষীয় মেট্ৰিক্সৰ সমাবেশ বুলি ভবা হয় যিয়ে একেলগে এটা নিৰ্দিষ্ট কাম কৰে। তাৰ পিছত একাধিক কলাৰ কাৰ্য্যকৰী গোটৰ দ্বাৰা অংগ গঠন হয়।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/0/07/Plant_cell_type_sclerenchyma_fibers.png/320px-Plant_cell_type_sclerenchyma_fibers.png)
![](http://upload.wikimedia.org/wikipedia/commons/thumb/8/86/Emphysema_H_and_E.jpg/320px-Emphysema_H_and_E.jpg)
জৈৱিক জীৱই এই স্তৰ অনুসৰণ কৰে:
কোষ < কলা < অংগ < অংগ ব্যৱস্থা < জীৱ
কলাৰ ইংৰাজী প্ৰতিশব্দ ''tissue'', ফ্ৰান্স শব্দ ''tissu''ৰ অনুৰূপ। যাৰ অৰ্থ হৈছে বোৱা।
মানুহ আৰু অন্য পশু ইত্যাদিৰ কলা সম্পৰ্কীয় অধ্যয়নক হিষ্ট'লজি আৰু চিকিৎসাবিজ্ঞানৰ ক্ষেত্ৰত ইয়াক হিষ্ট'পেথালজি বুলি কোৱা হয়। জেভিয়াৰ বিচাটক "হিষ্ট'লজীৰ পিতৃ" বুলি গণ্য কৰা হয়। উদ্ভিদৰ ক্ষেত্ৰত এই অধ্যয়নক প্লেণ্ট এনাটমী বুলি কোৱা হয়। সাধাৰণতে কলা সম্বন্ধীয় অধ্যয়নৰ বাবে খনিজ মমৰ সজ্জা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়, য'ত কলা সমূহ দৃঢ়ভাৱে সংলগ্ন কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক বিভক্ত কৰা হয়।