কলকাতা নাইট ৰাইডাৰ্ছ
From Wikipedia, the free encyclopedia
কলকাতা নাইট ৰাইডাৰ্ছ (ইংৰাজী: Kolkata Knight Riders, সংক্ষেপে KKR) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হ'ল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ ক'ম্পানী ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহতা গ্ৰুপ। গৌতম গম্ভীৰ বৰ্তমান এই দলৰ অধিনায়ক আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ট্ৰেভৰ বে'লিছ এই দলৰ প্ৰশিক্ষক। ৱাছিম আক্ৰাম দলটোৰ বলিং কনছালটেণ্ট আৰু মেণ্টৰ। সৌৰভ গাংগুলী প্ৰথম তিনিটা বৰ্ষৰ কাৰণে দলটোৰ আইকন খেলুৱৈ আছিল আৰু প্ৰথম আৰু তৃতীয় বৰ্ষত দলটোৰ নেতৃত্ব দিছিল। দ্বিতীয় বৰ্ষত নেতৃত্বৰ দায়িত্বত আছিল ব্ৰেণ্ডন মেককুলাম। ২০১২ চনত চেন্নাইত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত হৰুৱাই দলটোৱে প্ৰথমবাৰ আই পি এলৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।[2] ২০১৪ চনত দ্বিতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু ২০২৪ চনত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিছিল।
কলকাতা নাইট ৰাইডাৰ্ছ | |||
![]() |
|||
অধিনায়ক: | গৌতম গম্ভীৰ | ||
---|---|---|---|
প্ৰশিক্ষক: | ট্ৰে'ভৰ বে'লিছ | ||
বলিং প্ৰশিক্ষক: | ব্ৰেট লী | ||
চহৰ: | কলকাতা, পশ্চিমবংগ | ||
ৰং: | ![]() | ||
স্বত্বাধিকাৰী: | শ্বাহৰুখ খান (ৰে'ড চিলীজ এণ্টাৰটেইনমেণ্ট) জুহি চাওলা জয় মেহতা (মেহতা গ্ৰুপ). |
||
প্ৰতিষ্ঠা: | ২০০৮ | ||
ঘৰুৱা খেলপথাৰ: | ইডেন গাৰ্ডেন (সামৰ্থ্য: ৯০,০০০)[1] জে এছ চি এ ইণ্টাৰ নেচনেল ক্ৰিকেট ষ্টেডিয়াম (সামৰ্থ্য: ৩৫,০০০) | ||
আই পি এল বিজয়: | ১ (২০১২) | ||
চি এল টি২০ বিজয়: | ০ (কোৱালিফাই- ২০১১, ২০১২) | ||
অফিচিয়েল ৱেবছাইট: | KKR.IN |
দলটোৰ অফিচিয়েল থীমটো হ'ল কৰবো, লৰবো, জিতবো ৰে (কৰিম, যুঁজিম, জিকিম) আৰু অফিচিয়েল ৰং হ'ল পাৰ্প'ল আৰু সোণালী। ২০১১ চনত কলকাতা নাইট ৰাইডাৰ্ছৰ ব্ৰাণ্ড মূল্য আছিল $৫৭.৫ নিযুত আৰু ই সকলো দলৰ ভিতৰত তৃতীয় স্থানত আছিল।[3] চেলিব্ৰিটীৰ অধীনৰ দল হিচাপে দলটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা সত্বেও দলটোৱে ইতিমধ্যে বহু বিতৰ্কৰ সন্মুখীন সন্মুখীন হৈছে আৰু প্ৰথম তিনিটা বৰ্ষত দলটোৱে শোচনীয় প্ৰদৰ্শন আগবঢ়ায়।[3] চতুৰ্থ বৰ্ষত অৱশ্যে দলটোৱে নিজৰ প্ৰদৰ্শন উন্নীত কৰি আই পি এল প্লে' অফ পৰ্যায় আৰু ২০১১ চেম্পিয়ন্ছ লীগ টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে। ২০১২ চনত তেওঁলোকে আই পি এলৰ বিজয়ীৰ সন্মান লাভ কৰে।[2]
দলটোৰ সৰ্বাধিক ৰাণ কৰোঁতা হ'ল গৌতম গম্ভীৰ,[4] আৰু সৰ্বাধিক ৱিকেট লওঁতা হ'ল লক্ষ্মীপতি বালাজি।[5] এছিয়াৰ বৃহত্তম ষ্টেডিয়ামবিলাকৰ মাজৰ এখন তথা ভাৰতৰ সৰ্ববৃহৎ ষ্টেডিয়াম ইডেন গাৰ্ডেন, ছল্ট লে'ক ষ্টেডিয়াম আৰু ৰুংৰাডু মে' ডে' ষ্টেডিয়াম হৈছে দলটোৰ ঘৰুৱা খেলপথাৰ।[6]