From Wikipedia, the free encyclopedia
হিন্দু শাস্ত্ৰমতে, কদ্ৰু (সংস্কৃত: कद्रु) আছিল প্ৰজাপতি দক্ষৰ বাৰজনী কন্যাৰ অন্যতম। ঋষি কাশ্যপে দক্ষৰ অন্য এঘাৰজনী কন্যাসহ কদ্ৰুক বিয়া কৰাইছিল।[1] ঋষি কাশ্যপ আছিল ব্ৰহ্মাৰ মানসপুত্ৰ মাৰিচীৰ পুত্ৰ। কদ্ৰু এহেজাৰ নাগৰ মাতৃ আছিল।
কিংবদন্তীত কদ্ৰুৰ জেষ্ঠা ভগ্নী বিনতাৰ সৈতে কদ্ৰুৰ সম্পৰ্কৰ বিষয়ে উল্লেখ আছে। বিনতা আছিল ঋষি কাশ্যপৰ পত্নী। কাহিনীমতে, কদ্ৰু আৰু বিনতাৰ মাজত অধিক শক্তিশালী সন্তান জন্ম দিবলৈ প্ৰতিদ্বন্দ্বিতা হৈছিল। কদ্ৰুৱে এহেজাৰ নাগ পুত্ৰৰ জন্ম দিছিল[2] আৰু বিনতাই অৰুণ আৰু গৰুড় নামৰ দুজন পুত্ৰৰ জন্ম দিছিল।[3][4] কদ্ৰুক বিনতাতকৈ অধিক ষড়যন্ত্ৰকাৰী আৰু চতুৰ হিচাপেও দেখুওৱা হৈছে। ঐশ্বৰিক বগা ঘোঁৰা উচ্ছৈশ্ৰৱাৰ নেজৰ ৰং কেনেকুৱা তাক ক’বলৈ আৰু যদি ক’ব নোৱাৰে তেতিয়া বিনতা কদ্ৰুৰ দাসী হ’ব লাগিব বুলি কদ্ৰুৱে বিনতাক প্ৰত্যাহ্বান জনাইছিল। বিনতাই নেজৰ ৰং বগা বুলি কোৱাৰ পিছত, কদ্ৰুৱে চল কৰি তেওঁৰ নাগ পুত্ৰসকলক ঘোঁৰাৰ নেজৰ চাৰিওফালে কুণ্ডলী মাৰিবলৈ নিৰ্দেশ দিছিল, ফলত নেজডাল দেখাত ক’লা বৰণৰ যেন হৈ পৰিছিল। ফলস্বৰূপে, বিনতাই বাজীত হাৰিছিল আৰু বিনতা কদ্ৰুৰ দাসী হ’ব লগাত পৰিছিল।[5] পিছত বিনতাৰ পুত্ৰ গৰুড়ে মাতৃক উদ্ধাৰ কৰিছিল।
অন্য এক কাহিনী মতে, ঋষি কাশ্যপৰ আন এগৰাকী পত্নী সুপৰ্ণা আৰু কদ্ৰুয়ে এবাৰ কাশ্যপক অমান্য কৰে আৰু গঙ্গাৰ পাৰত পূজা পালন কৰি থকা কেইজনমান ঋষিক তেওঁলোকৰ কাৰ্য্যত ব্যাঘাত জন্মায়। ফলস্বৰূপে, কদ্ৰু আৰু সুপৰ্ণা নদীলৈ পৰিৱৰ্তিত হৈছিল। পিছত কেৱল ঋষি কাশ্যপে শিৱক তপস্যা কৰি তেওঁলোকক তেওঁলোকৰ মূল ৰূপলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। এবাৰ ঋষি কাশ্যপে ঋষিসকলক আমন্ত্ৰণ জনাইছিল। ঋষিসকলক আপ্যায়ন কৰাৰ পিছত, যেতিয়া কাশ্যপে তেওঁৰ পত্নীসকলৰ সৈতে সন্মান সহকাৰে তেওঁলোকৰ বিদায় দিছিল, তেতিয়া কদ্ৰুৱে ঋষিসকললৈ তাইৰ এটা চকুৰে কুটিল দৃষ্টি নিক্ষেপ কৰিছিল। কদ্ৰুৰ এই আচৰণত ঋষিসকল ক্ষুণ্ণ হৈছিল আৰু কদ্ৰুৰ সেই চকুটো নাশ হ’বলৈ অভিশাপ দিছিল। এনেদৰে, কদ্ৰুয়ে এটা চকু হেৰুৱাব লগা হৈছিল।[6]
আৰু এটা কাহিনী মতে, কদ্ৰুৱে বিনতা আৰু তেওঁৰ পুত্ৰ গৰুড়ক নাগ পুত্ৰসকলক সাগৰৰ মাজত থকা সৰ্পৰ বাসস্থান ৰমণ্যক নামৰ এটা সুন্দৰ দ্বীপলৈ[5] লৈ যাবলৈ অনুৰোধ কৰিছিল।[7] বিনাতা আৰু গৰুড়ে তেওঁৰ নিৰ্দেশনা দিয়া মতে নাগসকলক লৈ গৈছিল। গন্তব্যস্থানত উপস্থিত হোৱাৰ পিছত নাগসকলে যাতে সূৰ্য্য দেৱতাক প্ৰণাম কৰিব পাৰে তাৰ বাবে কদ্ৰুৱে গৰুড়ক সূৰ্য্যৰ ওচৰলৈ নাগসকলক লৈ যাবলৈ কৈছিল। গৰুড়ে কদ্ৰুৰ নাগ পুত্ৰসকলক পিঠিত লৈ সূৰ্য্যৰ ওচৰলৈ উৰি গৈছিল। কিন্তু সূৰ্য্যৰ ওচৰ পোৱাৰ লগে লগে নাগসকলে গৰম সহ্য কৰিব নোৱাৰি আকাশৰ পৰা বিৰান দ্বীপত সৰি পৰিবলৈ আৰম্ভ কৰিছিল। নাগ পুত্ৰসকলৰ কান্দোন শুনি, কদ্ৰু গভীৰভাৱে দুখিত হৈছিল আৰু তাইৰ সন্তানৰ সৈতে হোৱা ঘটনাৰ বাবে গৰুড়ক দোষাৰোপ কৰিছিল। বিনাতাও কদ্ৰুৰ পুত্ৰগণৰ দুৰ্দশাত দুখিত হৈছিল আৰু কদ্ৰুৰ পৰামৰ্শ অনুসৰি গৰুড়ক পাতালৰ পৰা গঙ্গাৰ পানী আনিবলৈ কৈছিল। গৰুড়ে আজ্ঞা পালন কৰিছিল, ফলত নাগসকলে পুনৰ জীৱন লাভ কৰিছিল। যি ঠাইত এই ঘটনা সংঘটিত হৈছিল সেই ঠাইখনক সাপৰ বাসস্থান বা নাগালায়া বুলি কোৱা হৈছিল।[7] অন্যহাতে, বাল্মীকি ৰামায়ণৰ আদি পৰ্বত এই কাহিনীটো কিছু অন্য ধৰণেৰে বৰ্ণনা কৰা হৈছে। তাত কোৱা হৈছে যে যেতিয়া সূৰ্য্যৰ তীব্ৰ গৰমৰ বাবে নাগসকল মূৰ্ছা গৈ মাটিত পৰি গৈছিল, তেতিয়া কদ্ৰুৱে তাইৰ সন্তানসকলৰ উদ্ধাৰৰ বাবে ইন্দ্ৰক প্ৰাৰ্থনা কৰিছিল। ইন্দ্ৰই তৎক্ষণাৎ বৰষুণৰ সৃষ্টি কৰিছিল আৰু তেওঁলোকক দগ্ধ অৱস্থাৰ পৰা পুনৰুদ্ধাৰ কৰিছিল। তাৰ পিছৰ পৰাই নাগসকল ৰমণ্যক দ্বীপত বসবাস কৰিছিল।[5]
সাধাৰণতে, কদ্ৰুক দক্ষ প্ৰজাপতিৰ কন্যা আৰু মহৰ্ষি কাশ্যপৰ পত্নী বুলি বৰ্ণনা কৰা হয়। হিন্দু মহাকাব্য মহাভাৰতত কদ্ৰুৰ বিষয়ে এক বিস্তৃত কাহিনী পোৱা যায়। মহাভাৰতত কদ্ৰুক কাশ্যপৰ বহুতো পত্নীৰ মাজৰ এগৰাকী বুলি কোৱা হৈছে।[5][4]
সাধাৰণতে কদ্ৰু দক্ষৰ কন্যা আছিল বুলি কোৱা হয় যদিও পৌৰাণিক সাহিত্যত এইটো কথা প্ৰতিষ্ঠা কৰিব পৰাকৈ কোনো সমল পোৱা নাযায়। বাল্মীকি ৰামায়ণৰ অৰণ্যকাণ্ডত উল্লেখ কৰা হৈছে যে দক্ষ প্ৰজাপতিৰ ষাঠিগৰাকী কন্যা আছিল। তেওঁলোকৰ ভিতৰত তেওঁ অদিতি, দিতি, দনু, কালিকা, তাম্ৰা, ক্ৰোধাৱাচা, মুনি আৰু সুৰাছাক কাশ্যপলৈ বিয়া দিয়া হৈছিল। ক্ৰোধাৱছাৰ আঠজনী কন্যা আছিল। তেওঁলোকৰ মাজৰেই এগৰাকী আছিল কদ্ৰু। সেয়েহে, কদ্ৰুক বৈকল্পিকভাৱে দক্ষৰ নাতিনী বুলিও গণ্য কৰিব পাৰি। কদ্ৰুৰ ভগ্নী বিনতাও কাশ্যপৰ আন এগৰাকী পত্নী আছিল।[5][4]
মহাভাৰতৰ সভা পৰ্বৰ মতে, কদ্ৰু ব্ৰহ্মাৰ বাসস্থান ব্ৰহ্মলোকত বাস কৰিছিল। মহাভাৰতৰ বন পৰ্বত কোৱা হৈছে যে কদ্ৰুৱে “স্কন্দ গ্ৰহ” নামৰ এটা অতি ক্ষুদ্ৰ ৰূপ ধাৰণ কৰি গৰ্ভৱতী মহিলাৰ গৰ্ভত প্ৰৱেশ কৰি মহিলাৰ ভ্ৰূণ ধ্বংশ কৰে।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.