কদম কদম বঢ়ায়ে যা
From Wikipedia, the free encyclopedia
কদম কদম বঢ়ায়ে যা (ইংৰাজী: Qadam Qadam Badhaye Ja) আছিল সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা সংগঠিত হোৱা ভাৰতীয় ৰাষ্ট্ৰীয় সেনাদলৰ তাৎক্ষণিক সমদল (regimental quick march)৷ এই গীতটি লিখিছিল বংশীধৰ শুক্লাই আৰু সুৰাৰোপণ কৰিছিল ৰাম সিং ঠাকুৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই গীতটোক ব্ৰিটিছে ভাৰতত দেশদ্ৰোহ গণ্য দি নিষিদ্ধ ঘোষণা কৰিছিল৷ পিছে ১৯৪৭ চনত আগষ্টত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল৷ গীতটো ভাৰতত এটা দেশপ্ৰেমমূলক ৰাষ্ট্ৰীয় সংগীতৰ দৰে হৈ পৰে আৰু চি.ৰামচন্দ্ৰ, এ আৰ ৰহমানকে ধৰি একাধিক ভাৰতীয় সংগীতশিল্পীৰ দ্বাৰা ই নতুনকৈ উপস্থাপিত হয়৷ এই গীতটো বৰ্তমানৰ ভাৰতীয় সেনাবাহিনীৰ তাৎক্ষণিক সমদলগান৷ [1][2]