![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/2f/Bucure%25C5%259Fti_-_Omar_Khayam_3.jpg/640px-Bucure%25C5%259Fti_-_Omar_Khayam_3.jpg&w=640&q=50)
ওমৰ খৈয়াম
From Wikipedia, the free encyclopedia
ওমৰ খৈয়াম (ইংৰাজী: Omar Khayyam) এগৰাকী একাদশ শতিকাৰ ইৰাণৰ কবি, গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ। তেওঁৰ সম্পূৰ্ণ নাম ‘আবুন ফাতহ উমৰ ইবন ইব্ৰাহিম আল খাইয়াম গিয়াছউদ্দিন। ওমৰ খৈয়ামৰ জন্ম হয় ১০৪৮ চনত ইৰাণৰ (পাৰস্যৰ) নিশ্বাপুৰ, খোৰাছনত। খোৰাছন আৰু পশ্চিম পাৰস্যৰ বিভিন্ন স্থানত ওমৰ খৈয়ামে দৰ্শন শাস্ত্ৰৰ অধ্যাপনা কৰিছিল। অৱশ্যে পাচলৈ তেওঁ গণিত শাস্ত্ৰৰ গৱেষণাত আত্মনিয়োগ কৰে। পাৰস্যৰ চুলতান আলাউদ্দিন মালিক ওমৰ খৈয়ামৰ পৃষ্ঠপোষক আছিল। চুলতানৰ ৰাজসভাত ওমৰ খৈয়ামে জ্যোতিৰ্বিদৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চুলতানৰ নিৰ্দেশক্ৰমে ওমৰ খৈয়ামে আন সাতজন সহযোগীৰ সহায়ত ১০৭৪-৭৫ চনত পাৰ্চী বৰ্ষপঞ্জীৰ সংস্কাৰ কৰে। ১১৩১ খ্ৰীষ্টাব্দত ৮৩ বছৰ বয়সত ওমৰ খৈয়ামে মৃত্যুবৰণ কৰে। [3]
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
সম্পূৰ্ণ নাম | ওমৰ খৈয়াম عمر خیام |
---|---|
জন্ম | 18 May[1] 1048[2] Nishapur, Khorasan, (Persia) |
মৃত্যু | 4 December[1] 1131 (aged 83)[2] Nishapur, Khorasan, (Persia) |
ধাৰা | Persian mathematics, Persian poetry, Persian philosophy |
আগ্ৰহ | Mathematics, Astronomy, Philosophy, Poetry |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
|
বন্ধ কৰক
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2f/Bucure%C5%9Fti_-_Omar_Khayam_3.jpg/640px-Bucure%C5%9Fti_-_Omar_Khayam_3.jpg)