ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।

নামৰ অৰ্থ

মিচিং ভাষাত ঐনিতম শব্দৰ অৰ্থ 'প্ৰিয় জনৰ গীত'।  [1]

মিচিং সমাজত

মিচিংসকলৰ অনেক শ্ৰেণীৰ লোকগীত আছে, যেনে আবাং, কাবাং, বিৰিগ, লুপ', ঐনিতম আদি।[2] মিচিং লোকসকলৰ অন্যান্য লোকগীতৰ তুলনাত পিচে, ঐনিতমে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।[3] মিচিং লোকগীতক ভাগ কৰাৰ আন এক বিধি হ'ল এনেধৰণৰ- ধাৰ্মিক আবাং, ঐনিতম, কাবান, ক-নি-নাম আৰু মমান[4] ঐনিতম প্ৰেমৰ গীত, কাবান দুখৰ গীত, ক-নি-নাম নিচুকণি গীত আদি।

অতীতত কাবান গীতৰ জনপ্ৰিয়তা পৰিলক্ষিত হৈছিল, পিচে বৰ্তমানত সেই স্থান ঐনিতমে দখল কৰিছে।

মিচিংসকলে আলি আঃয়ে লৃগাঙৰ দৰে পৰ্বত ঐনিতমৰ সুৰত নৃত্য কৰে।[5]

চাৰিত্ৰিক দিশ

ঐনিতমক প্ৰেমৰ গীত বুলিব পাৰি।  প্ৰকৃতিসম্বন্ধীয় লিখনশৈলী আৰু চৈত্ৰিক চিহ্ন ব্যৱহাৰে ঐনিতমৰ বিহুৰ সৈতে সাদৃশ্য প্ৰকট কৰে।

ঐনিতমৰ এক উদাহৰণ,[6]

লঙে মিক্সি দিনামদেম

আপঙেপে তি:লাংকা

য়ুমে মিক্সি দেনামদেম

কেৰাচিনপে ৰম্লাংকা

তথ্য সূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.