From Wikipedia, the free encyclopedia
এমিবা (ইংৰাজী: Amoeba) শব্দটো গ্ৰীক ভাষাৰ "এম'বি" (amoibe) শব্দৰপৰা আহিছে,যাৰ অৰ্থ হ'ল "পৰিৱৰ্তন"। ১৭৫৫ চনত ৰ'ছেল ফন ৰ'ছিনহফ (Rossel von Rosenhoff) এ এমিবা আৱিষ্কাৰ কৰে। এমিবা এককোষী আৰু মুক্তভাৱে জীৱন-যাপন কৰা আদ্যপ্ৰাণী। এই প্ৰাণীবোৰ প্ৰাণীজগতৰ আটাইতকৈ নিম্নখাপৰ প্ৰাণী। ইহঁতৰ দেহ অলপ প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। মাত্ৰ এটা কোষৰ দ্বাৰা গঠিত হ'লেও এমিবাই শ্বসন,পুষ্টি,ৰেচন,প্ৰজনন আদি যাৱতীয় জৈৱিক-কাৰ্য সম্পন্ন কৰে। বহুকোষী প্ৰাণীবোৰৰ দৰে আকাৰগত জটিলতা নাথাকিলেও ইহঁতৰ জীৱন-ক্ৰিয়াত যথেষ্ট জটিলতা দেখা যায়।[1]।
এমিবা | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
সাম্ৰাজ্য: | Eukaryota Cavalier-Smith 1998 |
ৰাজ্য: | Protozoa Cavalier-Smith 2002a, 2003a |
পৰ্ব: | Amoebozoa |
উপপৰ্ব: | Lobosa |
শ্ৰেণী: | Tubulinea |
উপশ্ৰেণী: | Sarcodina |
বৰ্গ: | Tubulinida |
পৰিয়াল: | Amoebidae |
গণ: | Amoeba Bory de Saint-Vincent, 1822 |
Species | |
|
শ্ৰেণী | স্থান | বৈশিষ্ট্য[1] |
---|---|---|
পৰ্ব (Phylum) | প্ৰ'ট'যৱা (Protozoa) | এককোষী প্ৰাণী |
উপপৰ্ব (Sub-phylum) | ছাৰ্ক'মেষ্টিগ'ফ'ৰা (Sarcomastigophora) | একেধৰণৰ এটা মাত্ৰ কোষকেন্দ্ৰ থাকে |
অধিশ্ৰেণী (Super-class) | ছাৰ্ক'ডিনা (Sarcodina) | কুটপদ (pseudopodia) প্ৰধান চলন অংগ |
শ্ৰেণী (Class) | ৰাইয'প'ডা (Rhizopoda) | ভূমিলগ্ন চলন (creeping movement) দেখা যায় |
উপশ্ৰেণী (Sub-class) | ল'ব'ছা (Lobosa) | কূটপদ পিণ্ড আকাৰৰ |
বৰ্গ (Order) | এমিবিডা (Amoebida) | চলনৰ সময়ত এটা সক্ৰিয় কূটপদ সৃষ্টি হয় |
গণ (Genus) | এমিবা (Amoeba) | সংকোচনশীল গহ্বৰ থাকে |
প্ৰজাতি | −প্ৰ'টিয়াছ (Proteus) | জীৱিত অৱস্থাত দেহৰ কোনো নিৰ্দিষ্ট আকাৰ নাথাকে,দেহৰ আকাৰ সদায় পৰিৱৰ্তনশীল। |
এমিবা এককোষী ক্ষুদ্ৰ প্ৰাণী। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত ইয়াৰ স্থিতি স্পষ্টকৈ ধৰিব পাৰি। ইয়াৰ দেহৰ আকাৰ সাধাৰণতে ০.২৫-০.৬ mm পৰ্যন্ত। কিছুমান বৃহৎ আকৃতিৰ এমিবাৰ দেহৰ ব্যাস ১-১.৫ mm পৰ্যন্ত হয় আৰু এইবোৰ প্ৰাণীক খালি চকুৰে ক্ষুদ্ৰ ধোঁৱাবৰণীয়া বিন্দু এটাৰ দৰে দেখা যায়।
বিভিন্ন দিশত,বিভিন্নভাৱে কূটপদ সৃষ্টি হোৱাৰ ফলত এমিবাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই,জীৱিত এমিবাৰ দেহৰ আকাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈ থাকে। ইয়াৰ দেহ বৰণহীন,অৰ্দ্ধস্বচ্ছ,দানাযুক্ত প্ৰ'ট'প্লাজমৰ দ্বাৰা গঠিত। দেহৰ কোনো পৃষ্ঠীয় আৰু অংকীয় ভাগ নাথাকে।[1]
এমিবা প্ৰট্ৰিয়াছত নিৰ্মল পানীত বাস কৰা এককোষী প্ৰাণী। সাধাৰণতে সেউজীয়া উদ্ভিদ থকা খাল,বিল,পুখুৰী,নিজৰা আদিত ইহঁতক পোৱা যায়। পুখুৰী নাইবা খাল,বিল আদিৰ তলৰ বোকা মাটিত নাইবা পানীত থকা সেউজীয়া উদ্ভিদৰ গাত ইহঁত লাগি থাকে।[1]
এমিবাৰ দেহ এখন পাতল,অৰ্দ্ধস্বচ্ছ,স্থিতিস্থাপক গুনসম্পন্ন আৰু অৰ্দ্ধভেদ্য প্লাজমাৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। এই আৱৰণখন ০.২৫μ-২μ পৰ্য্যন্ত ডাঠ। এই আৱৰণখনে চলন ক্ৰিয়াৰ সময়ত কূটপদ (pseudopodia) সৃষ্টি কৰা তথা প্ৰাণীটোক ভিত্তিপদাৰ্থত লাগি ধৰাত সহায় কৰে। ইয়াৰ উপৰিও ই প্ৰাণীদেহত থকা প্ৰ'ট'প্লাজমখিনি আৱৰি ৰাখে আৰু ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰাণীদেহ আৰু বৰ্হিজগতৰ মাজত অক্সিজেন,পানী তথা কাৰ্বন-ডাই-অক্সাইডৰ বিনিময় ঘটায়।
এমিবাৰ দেহৰ আকৃতি সঘনাই পৰিৱৰ্তন হৈ থাকে,কাৰণ ইয়াৰ দেহৰপৰা বিভিন্ন দিশত আঙুলিৰ দৰে ভোটা কিছুমান প্ৰক্ষেপণ (projection) ওলায় নাইবা প্ৰক্ষেপণবোৰ নোহোৱা হৈ যায়। এই প্ৰক্ষেপণবোৰক কূটপদ (pseudopodia; pseud-fal) বোলা হয়। কূটপদৰ সহায়ত এমিবাই খাদ্য গ্ৰহণ কৰা তথা চলন ক্ৰিয়া সম্পন্ন কৰে। এমিবা প্ৰটিয়াছৰ কূটপদ দীঘল,ভোটা আৰু সন্মুখপ্ৰাপ্ত কিছু ঘূৰণীয়া আকাৰৰ হোৱা বাবে ইয়াক ল'ব'প'ডিয়া (lobopodia) বোলা হয়।
প্লাজমাৱৰণে আৱৰি থকা ডাঠ জেলীৰ দৰে অংশক চাইট'প্লাজমা বোলা হয়। ই দুটা ভাগত বিভক্ত-ব্যাহ্যিক বহি:প্লাজমা (ectoplasm) আৰু অভ্যন্তৰীণ অন্ত:প্লাজমা (endoplasm)।
এমিবাৰ আন্তঃপ্লাজমত কোষকেন্দ্ৰ,সংকোচনশীল ৰিক্তিকা বা ভেকুঅ'ল,খাদ্যৰিক্তিকা,পানীৰ ৰিক্তিকা,অন্ত:কোষীয় জালিকা,মাইটকণ্ড্ৰিয়া,গলগি বডি আদি দেখা যায়।
ইহতে মানুহৰ জৰে প্রজনন নকৰে.
ইহতে কোষৰ দ্বাৰা প্রজনন কৰে
8822052630
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.